এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় অঙ্ক ]
২৫
পোহনীয়া কুকুৰ
| জিভাখনৰ এটা দোষ আছে। তাক যিমানেই সঁচা ক'বলৈ
মানা কৰোঁ নুশুনে; আন কি, মুখত সোপা দিও বন্ধ কৰিব নোৱাৰোঁ। ভাবি-চিন্তি উপায় পালোঁ মদাহী হোৱাটো। মদাহীয়ে মাজে মাজে কাৰবাৰ চৰটো ভুকুটো খালেও সহজে অৰ্ডিনেন্সৰ ফান্দত নপৰে। আৰু এটা সুবিধা আছে। ধৰ এনে এঠাইলৈ যোৱাৰ প্ৰয়োজন আছে য'লৈ কোনো ভাল মানুহ যাব নোৱাৰে। কিন্তু মদাহী হ'লে যোৱাত কোনো বাধা নাথাকে। সেইদিনা মদাহী নোহোৱা হ'লে গোপীকান্তক ধৰা পেলাব পাৰিলোঁ- হেতেন জানো? |
| গুঞ্জ।— | অ' তেন্তে এইবোৰ তোৰ দুষ্টালিহে, মদৰ ৰাগী নহয়। |
| আনন্দ। — | নহ'লে যে বাগি দিবৰ সুবিধা নাই! |
| গুঞ্জ। - | বাৰু এতিয়ালৈকে যি কৰিলি কৰিলি, আৰু মিছামিছি
ভাও দি নুফুৰিবি। মোৰ কথা শুন। শুনিবি? |
| আনন্দ। — | মই হাতত লোৱা কাম এটাৰ অলপ বাকী আছে।
সেইখিনি শেষ হ'বলৈ দে। |
| গুঞ্জ।— | আৰু এটা কথা, — তই বোলে সাবিত্ৰী সুন্দৰীক বিয়া
কৰাব খুজিছ? |
| আনন্দ।— | তাত হানি কি? আনে যেনিবা গোপনে বিয়া
কৰাইছে, মই প্ৰকাশ্যে বিয়া কৰাব খোজোঁ। মোৰ বাটটো ভাল নে সিহঁতৰটো ভাল? |
| গুঞ্জ।— | তই সঁচাকৈ কচোন, বিয়াৰ কথাটো সঁচা নে মিছা। |