সমললৈ যাওক

পৃষ্ঠা:পোহনীয়া কুকুৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম অঙ্ক]
১৩
পোহনীয়া কুকুৰ


আনন্দ— মোৰ কামেই লৰালৰি। তাৰ উপৰি মোৰ কথাৰ

সমিধান নোপোৱালৈকে তুমিঃ ক'ৰবাৰ কোনোবা, ময়ো ক'ৰবাৰ কোনোবা। ইয়াত বেচি পৰ থাকিলে মদৰ ৰাগী চৰি যোৱাৰ ভয় আছে। থাকা। (বটলটো লৈ যাব খুজি ) আও! বাহিৰত বৰ বতাহ! জাৰ লগাই আনে। ( ইফালে সিফালে চাই ) এই স্কাৰ্ফখনকে লৈ যাওঁ! (হাঁকোটাত ওলোমাই থোৱা স্কাৰ্ফ খন ছটিয়াই লয় )।

সাবিত্ৰী— নিনিবা, নিনিবা। মই কি ল'ম?

আনন্দ—তুমি থাকিবা ঘৰৰ ভিতৰত, মই যে এমাইল বাট খোজ কাঢ়ি যাব লাগিব।

(প্ৰস্থান )

সাবিত্ৰী- সিদিনা নিলে ওঠৰ টকা দামৰ ছাতিটো, আজিলৈকে

ঘূৰাই নিদিলে। আজি আকৌ নিলে স্কাৰ্ফখন। হাৰধাৰে৷ নাপালোঁ। এওঁৰ মতলব কি?

( অলপ ইফাল-সিফাল কৈ ফুৰি ) বিয়া! বিয়াৰ ফান্দত

হাত-ভৰি বান্ধি মৰিবৰ মোৰ দৰকাৰ কি? স্বাধীন আহাৰ স্বাধীন বিহাৰ, স্বাধীন প্ৰেন, স্বাধীন ভেম একোতে মোৰ হেম-গেন ঘটা নাই। তেন্তে লোকৰ অধীন হবলৈ যাম কিয়? যি হওক, সোনকালে কোনো উত্তৰ নিদিওঁ। যেনে তেনে হাৰধাৰ হাত কৰি ল'ব নাগিব।

( ভিতৰলৈ সোমাই যায়। )