এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম অঙ্ক]
১৩
পোহনীয়া কুকুৰ
| আনন্দ— | মোৰ কামেই লৰালৰি। তাৰ উপৰি মোৰ কথাৰ
সমিধান নোপোৱালৈকে তুমিঃ ক'ৰবাৰ কোনোবা, ময়ো ক'ৰবাৰ কোনোবা। ইয়াত বেচি পৰ থাকিলে মদৰ ৰাগী চৰি যোৱাৰ ভয় আছে। থাকা। (বটলটো লৈ যাব খুজি ) আও! বাহিৰত বৰ বতাহ! জাৰ লগাই আনে। ( ইফালে সিফালে চাই ) এই স্কাৰ্ফখনকে লৈ যাওঁ! (হাঁকোটাত ওলোমাই থোৱা স্কাৰ্ফ খন ছটিয়াই লয় )। |
| সাবিত্ৰী— | নিনিবা, নিনিবা। মই কি ল'ম?
আনন্দ—তুমি থাকিবা ঘৰৰ ভিতৰত, মই যে এমাইল বাট খোজ কাঢ়ি যাব লাগিব। |
(প্ৰস্থান )
| সাবিত্ৰী- | সিদিনা নিলে ওঠৰ টকা দামৰ ছাতিটো, আজিলৈকে
ঘূৰাই নিদিলে। আজি আকৌ নিলে স্কাৰ্ফখন। হাৰধাৰে৷ নাপালোঁ। এওঁৰ মতলব কি? |
| ( অলপ ইফাল-সিফাল কৈ ফুৰি ) বিয়া! বিয়াৰ ফান্দত
হাত-ভৰি বান্ধি মৰিবৰ মোৰ দৰকাৰ কি? স্বাধীন আহাৰ স্বাধীন বিহাৰ, স্বাধীন প্ৰেন, স্বাধীন ভেম একোতে মোৰ হেম-গেন ঘটা নাই। তেন্তে লোকৰ অধীন হবলৈ যাম কিয়? যি হওক, সোনকালে কোনো উত্তৰ নিদিওঁ। যেনে তেনে হাৰধাৰ হাত কৰি ল'ব নাগিব। |
( ভিতৰলৈ সোমাই যায়। )