সমললৈ যাওক

পৃষ্ঠা:পোহনীয়া কুকুৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[প্ৰথম অঙ্ক ] পোহনীয়া কুকুৰ


গোবৰ্দ্ধন— তোমাৰ নামটো হ'ল সাবিত্ৰী, কিন্তু কামটো হ'ল

উৰ্বশীৰ।

সাবিত্ৰী— কেনেকৈ?
গোবৰ্দ্ধন— নিজে গমি চালেই পাবা। সাবিত্ৰী হ'ল সতী,

উৰ্ব্বশী হ'ল নটী।

সাবিত্ৰী— চাওক আপুনি মোৰ ঘৰত বহি মুখৰ আগতে মোক

এনেকৈ অপমান কৰা উচিত হোৱা নাই। আপোনাৰ বাহিৰে জগতৰ কাৰো লগত মোৰ সম্পৰ্ক নাই।

গোবৰ্দ্ধন— ফাঁকি দিয়া কিয়? তোমাৰ ঘৰলৈ কিমান মানুহ

আহে, কাৰ কাৰ লগত বন্ধুতা আছে মই যেন নাজানোতো।

সাবিত্ৰী— জানিলে কি হ'ল! মানুহৰ ঘৰলৈ মানুহ আহে,

সকলোৰে ঘৰলৈ যায়। অইনৰ ঘৰলৈ গ'লে যদি দোষ নহয়, মোৰ ঘৰলৈ আহিলে নো জগৰ ধৰে কিয়?

গোবৰ্দ্ধন— কাৰণ আছে। অইনৰ ঘৰলৈ যায় কিবা কামলৈ।

যেনে কাৰবাৰ চাহ খাবৰ মন গৈছে, নিজৰ ঘৰত ব্যৱস্থা নাই। তেতিয়া তেওঁ এঘৰলৈ গৈ তামোল-ধপাতৰ লগতে চাহ এটোপা আৰু পাৰিলে তাৰ লগতে জলপান এটিও আদায় কৰাৰ দিহা কৰে। আন কোনোবা যায় কালিলৈ দিম বুলি কেইটামান টকা সৰকাবলৈ। আকৌ কোনো- বাই সময় কটাবৰ উপায় নাপাই ইঘৰ সিঘৰকৈ ফুৰি ভাত কেইটা জীন নিয়ায়।

সাবিত্ৰী — মোৰ ঘৰলৈকো তো তেনে উদ্দেশ্যত আহিব পাৰে।