এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
| [প্ৰথম অঙ্ক ] | পোহনীয়া কুকুৰ | ৭ |
| গোবৰ্দ্ধন— | তোমাৰ নামটো হ'ল সাবিত্ৰী, কিন্তু কামটো হ'ল
উৰ্বশীৰ। |
| সাবিত্ৰী— | কেনেকৈ? |
| গোবৰ্দ্ধন— | নিজে গমি চালেই পাবা। সাবিত্ৰী হ'ল সতী,
উৰ্ব্বশী হ'ল নটী। |
| সাবিত্ৰী— | চাওক আপুনি মোৰ ঘৰত বহি মুখৰ আগতে মোক
এনেকৈ অপমান কৰা উচিত হোৱা নাই। আপোনাৰ বাহিৰে জগতৰ কাৰো লগত মোৰ সম্পৰ্ক নাই। |
| গোবৰ্দ্ধন— | ফাঁকি দিয়া কিয়? তোমাৰ ঘৰলৈ কিমান মানুহ
আহে, কাৰ কাৰ লগত বন্ধুতা আছে মই যেন নাজানোতো। |
| সাবিত্ৰী— | জানিলে কি হ'ল! মানুহৰ ঘৰলৈ মানুহ আহে,
সকলোৰে ঘৰলৈ যায়। অইনৰ ঘৰলৈ গ'লে যদি দোষ নহয়, মোৰ ঘৰলৈ আহিলে নো জগৰ ধৰে কিয়? |
| গোবৰ্দ্ধন— | কাৰণ আছে। অইনৰ ঘৰলৈ যায় কিবা কামলৈ।
যেনে কাৰবাৰ চাহ খাবৰ মন গৈছে, নিজৰ ঘৰত ব্যৱস্থা নাই। তেতিয়া তেওঁ এঘৰলৈ গৈ তামোল-ধপাতৰ লগতে চাহ এটোপা আৰু পাৰিলে তাৰ লগতে জলপান এটিও আদায় কৰাৰ দিহা কৰে। আন কোনোবা যায় কালিলৈ দিম বুলি কেইটামান টকা সৰকাবলৈ। আকৌ কোনো- বাই সময় কটাবৰ উপায় নাপাই ইঘৰ সিঘৰকৈ ফুৰি ভাত কেইটা জীন নিয়ায়। |
| সাবিত্ৰী — | মোৰ ঘৰলৈকো তো তেনে উদ্দেশ্যত আহিব পাৰে। |