এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম অঙ্ক
৫
পোহনীয়া কুকুৰ
| আনন্দ। — | হে মোহিনী, স্বৰ্গৰ পৰা খহি পৰা সুৰনন্দিনী,
আজি তুমি মোৰ হাতত বন্দিনী। তোমাক মই এৰিব নোৱাৰো। এনে মধুযামিনী আৰু ক'ত আহিব! |
| গুঞ্জ।— | এৰি দে, এৰি দে। বাটৰ মানুহক এনেকৈ দিগ দাৰি
দিয়ে! ( মথুৰক সাহাৰ্য্য কৰি হাত এৰুৱাই দিয়ে। মথুৰ লৰমাৰে। ) |
| আনন্দ। — | তই গুচি যা। হাততে পোৱা বস্তু তোৰ পৰাই
হেৰুৱাব লগা হ'ল। (ডিঙি মেলি চাই ) আঃ! পলাল। ভালেখিনি পালেগৈ। হেৰা সুন্দৰী! |
( গীত )
প্ৰাণ কাঢ়ি ল'ই কিন্তু গুচি যোৱা?
হেৰা লাহৰী, যোৱা কিয় আঁতৰি? ঘূৰি চোৱাঁ।
| গুঞ্জ।— | ব’ল, বল, ৰাতি বহুত হ'ল। ঘৰ পাবিগৈ কেতিয়া? |
| আনন্দ।— | হ'ব নোৱাৰিছে ৰাতি। য'তেই টোপনি আছে
তাতেই পাটী, লাগে মুঠেই এটা পঞ্চমকাৰৰ ঘাঁটি। |
| গুঞ্জ।— | মোৰ তো তোৰ দৰে নচলে। তোৰ লগতে মোৰো
ঘৰখন এৰিম নে? |
| আনন্দ।— | নেৰ যাগৈ। মই এইফালেহে যাম। |
( গীত )
পঞ্চমকাৰৰ সোৱাদ পালে তাৰ কি আছে দিন-ৰাতি!
কিহে টানে কোনে জানে নিয়ে কোনে ক'লৈ মাতি!
তই যা, মই আহিলোঁ।
(প্ৰস্থান। )