পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ

‘ডাইওনিমিয়াও’ পেৰিক্লিচৰ প্ৰতি এই বিলাক কাৰণৰ নিমিত্তে বৰ দয়ালু আৰু কৃতজ্ঞ আছিল।

 পেৰিক্লিচ্‌ ক্লিয়নেৰে সৈতে থেৰচাচ্ নগৰত থাকোঁতে, তেওঁৰ ৰাজভক্ত মন্ত্ৰী হেলিকেনাচৰপৰা চিঠি পালে যে গ্ৰীচ সম্ৰাট এৰিকোলেনাচে তেওঁ সেই ঠাইত থকা খবৰ পাই, তেওঁৰ প্ৰাণ বধ কৰিবৰ নিমিত্তে দুই চাৰিজন লোক নিযুক্ত কৰিছে। এই সংবাদ পোৱা মাত্ৰে পেৰিক্লিচে থেৰচাচ্ নগৰৰ ৰজা, ৰাজমন্ত্ৰী, ৰাজভাৰ্য্যা আৰু প্ৰজা-বৃন্দৰ পৰা বিদায় লৈ জাহাজত উঠিল। থেৰচাচ্ নগৰৰ সাধাৰণ প্ৰজাবিলাকে ভয়ানক দুৰ্ভিক্ষৰ সময়ত আহাৰ যোগোৱাৰ বাবে তেওঁক দেৱতাৰ নিচিনা ভক্তি কৰিছিল। সেই নিমিত্তে তেওঁক বিদায় দিয়াত সকলোৰে মনত দুখ লাগিছিল।

 পেৰিক্লিচ্‌ জাহাজত উঠি যাত্ৰা কৰিলে। এনেতে এটি ভয়ানক বিপদে আহি তেওঁক লগ ধৰিলে। সমুদ্ৰৰ মাজত বৰ ধুমুহা উঠিল। লাহে লাহে ধুমুহা প্ৰবল হৈ পেৰিক্লিচ থকা জাহাজ খন বুৰাই দিলে। তেওঁ উটি গৈ গৈ এখন নজনা-নুশুনা দেশত উপস্থিত হল। আনবিলাক লোক মৰিল।

 

(২)

 তেওঁ যেতিয়া আধামৰা হৈ পাৰত লাগিল, তেতিয়া কিছুমান