পেৰিক্লিচ্।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b1/Rule_Segment_-_Span_-_20px.svg/20px-Rule_Segment_-_Span_-_20px.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/3d/Rule_Segment_-_Diamond_open_-_7px.svg/7px-Rule_Segment_-_Diamond_open_-_7px.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9a/Rule_Segment_-_Circle_open_-_6px.svg/6px-Rule_Segment_-_Circle_open_-_6px.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/84/Rule_Segment_-_Flare_Centre_-_22px.svg/22px-Rule_Segment_-_Flare_Centre_-_22px.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9a/Rule_Segment_-_Circle_open_-_6px.svg/6px-Rule_Segment_-_Circle_open_-_6px.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/3d/Rule_Segment_-_Diamond_open_-_7px.svg/7px-Rule_Segment_-_Diamond_open_-_7px.svg.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b1/Rule_Segment_-_Span_-_20px.svg/20px-Rule_Segment_-_Span_-_20px.svg.png)
(১)
টায়াৰ প্ৰদেশত পেৰিক্লিচ্ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ গ্ৰীচ্ দেশৰ দুষ্ট সম্ৰাট এৰিকোলেনাচৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰজাবিলাকক পাশৱ অত্যাচাৰৰপৰা মুক্ত কৰিবৰ অভিপ্ৰায়ে, তেওঁৰ বিশ্বাসী মন্ত্ৰী হেলিকেনাচৰ হাতত ৰাজ্য-ভাৰ সমৰ্পণ কৰি স্বেচ্ছাক্ৰমে নিৰ্বাসিত হয়। তেওঁ প্ৰথমে ‘থেৰচাচ’ নগৰাভিমুখে জাহাজত উঠি যাত্ৰা কৰে। যেতিয়া পেৰিক্লিচ্ ‘থেৰচাচ্’ নগৰলৈ যাত্ৰা কৰে, তেতিয়া সেই নগৰত ভয়ানক দুৰ্ভিক্ষ হয়। সেই নিমিত্তে তেওঁ যাবৰ সময়ত বহুত খাদ্য দ্ৰব্য কিনি লৈ গৈছিল।
থেৰ্চাচ্ প্ৰদেশৰ ৰজা ‘ক্লিয়ন’ অতিশয় সদাশয় আৰু গুণগ্ৰাহী। তেওঁ ৰাজ্যত উপস্থিত হোৱা মাত্ৰেই পেৰিক্লিচক ৰাজযোগ্য সমাদৰেৰে নিজ ঘৰলৈ লৈ গল। পেৰিক্লিচ, নিয়া সমুদায় বস্তু ৰাজ্যৰ দুৰ্ভিক্ষত পৰা লোকবিলাকক দান কৰি, তেওঁলোকৰো স্নেহ আৰু ভক্তিৰ ভাজন হয়। ক্লিয়নৰ ঘৈণীয়েক