পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

পেৰিক্লিচ্

 তেতিয়া পেৰিক্লিচে নিজৰ জীয়েকক তেওঁৰ মাকক দেখুৱাই এই বুলি কলে “তোমাৰ আগত এইটো কোন চোৱা। তেওঁ সাগৰত হোৱাৰ কাৰণে, তেওঁক মেৰিনা বুলি মাতে।”

 থেইচাই মেৰিনাক আশীৰ্বাদ কৰিলে আৰু পেৰিক্লিচে ডাইনা দেবীক সেৱা কৰি কলে, “হে দেবী! মই তোমাক এই সোপানটি দেখোৱাৰ নিমিত্তে নিতৌ ৰাতি ৰাতি পূজা দিম।”

 তেতিয়া পেৰিক্লিচে থেইচাৰ অনুমতি ক্ৰমে মেৰিনাক লিচিমেকচৰ লগত প্ৰণয় সুত্ৰত বান্ধ খুৱালে।

 
পেৰিক্লিচ্‌ (page 39 crop).jpg

সমাপ্ত।