পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

পেৰিক্লিচ্‌

কৰি কলে, “মহাশয়! কেতিয়াও হব নোৱাৰে; মোৰ এই দুখন হাতেৰে থেইচাক পানীত পেলাই দিছোঁ।”

 তেতিয়া চেৰিমনে থেইচাৰ সমুদায় বৃত্তান্ত কলে। ইয়াৰ ভিতৰতে থেইচাই চেতন লভি পুনৰায় কলে, “তুমি পেৰিক্লিচ নোহোৱা নে? তেওঁৰ নিচিনা তোমাৰ আকাৰ, তেওঁৰ নিচিনা তোমাৰ কথা! তুমি এজাক বতাহ, এটি জন্ম আৰু এটি মৃত্যুৰ কথা কৈছিলা নহয়?”

 “ঠিক থেইচাৰ নিচিনা মাত” পেৰিক্লিচে আশ্চৰ্য্য হৈ কলে।

 “ময়েই সেই থেইচা; মোকে ডুবি মৰা বুলি ভাবিছিলা।”

 পেৰিক্লিচে ভক্তি ভাবে কলে, “হে দেবী ডাইনা!”

 এতিয়া থেইচাই কলে, “মই তোমাক এতিয়া ভালকৈ চিনিছোঁ। তোমাৰ হাতত যেনেকুৱা এটি আঙুঠি দেখিছোঁ, ঠিক তেনেকুৱা এটি আঙুঠি মোৰ পিতাই পেৰিক্লিচক পিন্ধাইছিল।”

 “হে পৰমেশ্বৰ, বহুত হল” আনন্দেৰে পেৰিক্লিচে কলে, “বহুত হ’ল; তোমাৰ বৰ্তমান অসাধাৰণ দয়াৰ গুণত মোৰ যোৱা দুখ বিলাকক যেন আনন্দ হে লাগিছে। থেইচা! আহা মোৰ বাহুৰ মাজত তোমাক আকৌ লুকাই থওঁ।”

 তেতিয়া মেৰিনাই কলে, “মোৰ মনে মোৰ আইৰ বুকৰ ভিতৰত সোমাবৰ ইচ্ছা কৰিছে।”

৩৪