পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

অনেক পৰিবৰ্তন ঘটিছিল, তথাপি থেইচাৰ মনত তেওঁৰ প্ৰতিমূৰ্তি অঙ্কিত আছিল। সেই নিমিত্তে, যেতিয়া পেৰিক্লিচে তেওঁৰ কাহিনী দেবীৰ আগত কব ধৰিলে, তেতিয়া থেইচা আনন্দিত আৰু আচৰিত হৈ তেওঁৰ পিনে ৰ লাগি চাই ৰল।

 পেৰিক্লিচে দেবীক প্ৰণাম কৰি কবলৈ ধৰিলে, “হে দেবী! তোমাক কোটি বাৰ প্ৰণাম কৰিছোঁ। মই তোমাৰ আদেশ পালন কৰিবৰ অৰ্থে ইয়ালৈ আহিছোঁ। মই নিজৰ দেশৰপৰা পলাতক টায়াৰ প্ৰদেশৰ ৰজা। পেণ্টাপলিচত সুন্দৰী থেইচাক বিবাহ কৰাইছিলোঁ। তেওঁ সাগৰত মৰিল, কিন্তু তেওঁৰ চিন স্বৰূপে এটি সুন্দৰী কন্যা এই সংসাৰত থাকিল।” এনেকৈ মেৰিনাৰ প্ৰতি ডাইওনিচিয়াৰ আচৰণ, মেটালিনত পুনমিলনাদি সকলো ঘটনাকে বিবৰি কলে।

 থেইচাই এই বিলাক কথা শুনি যি আনন্দ পালে, তাক সহিব নোৱাৰি হঠাৎ “তুমি তুমিয়েনে পেৰিক্লিচ্‌” এই কথা কৈ মুচকচ গল।

 “কি?” পেৰিক্লিচে কলে, “কি! এই তিৰোতা জনীয়ে কয় কি! ডাঙৰীয়া ধৰক ধৰক! নহলে এওঁ মৰিব।”

 চেৰিমনে কলে “ডাঙৰীয়া, যদি আপুনি ডাইনাৰ মন্দিৰত সঁচা কৈছে, তেনেহলে এওঁৱেই আপোনাৰ ভাৰ্য্যা।”

 “ভক্তি-ভাজন মহাশয়!” পেৰিক্লিচে আচৰিত হৈও অলপ খং

৩৩