পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

পেৰিক্লিচ্‌

পাইছিল, সেই মেৰিনাক তেওঁৰ নিচিনা ভাল বংশৰ বুলি জানি যে কিমান আনন্দ পাইছিল তাক সহজে অনুমান কৰা যায়। তেওঁ মেৰিনাৰ পিতাকক যথা সম্ভৱ আদৰ সমাদৰ কৰিলে।

 পেৰিক্লিচেও তেওঁ আৰু মেৰিনাৰ ভিতৰত যি প্ৰণয়ৰ ভাব হৈছিল তাক ভাল বিবেচনা কৰি, তেওঁলোকক কোনো প্ৰকাৰ গঞ্জনা নকৰিলে। কেৱল ইয়াকে কলে যে তেওঁলোকৰ বিবাহ সম্পন্ন হৈ যোৱাৰ আগেয়ে সকলোৱে এবাৰ এফেচাচৰ ডাইনাৰ মন্দিৰলৈ যাব লাগিব। তদনুযায়ী অলপ পাচতে তেওঁলোক তিনি জনে এফেচাচলৈ যাত্ৰা কৰিলে। আৰু ঈশ্বৰী ডাইনা দেবীৰ অনুগ্ৰহত অনুকুল বায়ু যোগে, কেই দিন মানতে এফেচাচ ওলাল গৈ।

 

(১৫)

 যেতিয়া পেৰিক্লিচে তেওঁৰ লগত থকা মানুহবিলাকৰ লগত ডাইনাৰ মন্দিৰত প্ৰবেশ কৰিছিল, তেতিয়া দেবীৰ ভেটীৰ সমুখত বৃদ্ধ চেৰিমন থিয় দি আছিল। এই চেৰিমনে থেইচাক বহুত কষ্টেৰে ভাল কৰিছিল। তেওঁৰ ওচৰতে থেইচা, এজনী সন্ন্যাসিনীৰ নিচিনা কাপোৰ-কানি পিন্ধি, দেবীক পূজা কৰি আছিল। বহুত দুখ কষ্টত যদিও পেৰিক্লিচৰ সুন্দৰ চেহেৰাৰ

৩২