পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

দিয়া উচিত নহয়; বাৰু তেওঁৰ মতেই চলক।” সেই দেখি তেওঁলোকেও গান শুনা বুলি কলে; আৰু ৰজাৰ টোপনী ধৰা বুলি কোৱাত লিচিমেকচে তেওঁক এখন কোচত শুব দিলে। আনন্দৰ অধীৰ হৈ তেওঁৰ সোনকালে টোপনী আহিল আৰু মেৰিনা শুই থকা পিতাকৰ ওচৰত বহি থাকিল।

 

(১৪)

 টোপনীৰ ভিতৰত পেৰিক্লিচে এটি সপোন দেখি মনে মনে এফেচাচলৈ যাবলৈ স্থিৰ কৰিলে। তেওঁ দেখিলে যে, এফেচাচৰ ঈশ্বৰী ডাইনা তেওঁৰ আগত আহি, তেওঁক এফেচাচলৈ যাবলৈ আৰু তেওঁৰ মন্দিৰৰ ওচৰত নিজৰ জীৱনৰ সুখ দুখৰ কাহিনী কবলৈ আদেশ দিলে; আৰু থিৰাংকৈ কলে “যদি মোৰ আদেশ পালন কৰা, তেনেহলে নিশ্চয় তোমাৰ এটি অভাৱনীয় মঙ্গল হব।” তেওঁ মনত বৰ আনন্দ পাই জাগি উঠিল, সপোনৰ কথা কলে, আৰু দেবীৰ আজ্ঞা পালন কৰিবলৈ মনে মনে ঠিক কৰিলে।

 তেতিয়া লিচিমেকচে পেৰিক্লিচক ঘৰলৈ নিমন্ত্ৰণ কৰিলে। পেৰিক্লিচেও, যি দেশত মৃতা মেৰিনাক জীবিতা পালে, সেই দেশৰ শাসনকৰ্তাৰ কথা এৰাব নোৱাৰি, তাত দুই তিন দিন থাকিবলৈ সম্মত হল। লিচিমেকচে যি মেৰিনাক ইমান ভাল

৩১