পেৰিক্লিচ্
মেৰিনাই লাহে লাহে কব ধৰিলে, “তেওঁ মোক কিয় মৰাই? মই এই জন্মত তেওঁক একো দুখ দিয়া নাই। মই যিমান দূৰ জানো জীৱিত বস্তুক মই কেতিয়াও মাৰা বা এটি বেয়া কথা কোৱা নাই। মোক বিশ্বাস কৰা যদি মই কেতিয়াও এটি ইন্দুৰ বা মাখীকো মাৰা নাই। এক সময়ত মোৰ ইচ্ছাৰ বিৰুদ্ধে এটি পৰুৱা মোৰ ভৰিৰ তলত পৰি মৰিছিল, কিন্তু মই তাৰ নিমিত্তে বহুত শোক কৰিছিলোঁ, ময় নো কেনেকৈ তেওঁক অসন্তুষ্ট কৰিলোঁ?”
হত্যাকাৰী জনে কলে “কামৰ ন্যায় অন্যায় বিচাৰ কৰা কাম মোৰ নহয়; কেৱল তাক মই সম্পন্নহে কৰিব লাগে।”
এই বুলি যেতিয়া মেৰিনাক কাটিব তৰোৱাল খন দাঙিলে, তেতিয়া হঠাৎ এদল জলদস্যু আহি মেৰিনাক দেখি, তেওঁক সিহঁতৰ জাহাজলৈ লৈ গল।
(১১)
যি দস্যুই মেৰিনাক নিলে, সিহঁতে “মেটালিনত” তেওঁক দাসী কৰি বেচিলে। মেৰিনা তাত অৱশ্যে বৰ নীচ অৱস্থাত আছিল, কিন্তু তথাপি গুণৰ আদৰ কলৈ যাব? তেওঁৰ ৰূপ গুণৰ নিমিত্তে সোনকালে তেওঁ মেটালিনত বিখ্যাত হৈ উঠিল। তেওঁ সংগীত, নৃত্য, সিয়া-কাম শিকাই যি পয়চা পায়, তাৰে
২১