পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

ভাল পাওঁ। তেওঁ ইয়ালৈ আহিব বুলি আমি দিনে দিনে ভাবি আছোঁ। আৰু যদি তেওঁ আহি তোমাক এনেকুৱা দেখে, তেনেহলে আমি তোমাৰ যত্ন নোলোৱা বুলি ভাবিব। কাৰণ, তোমাক বৰ সুন্দৰ বুলি আমি সদাই তেওঁক খবৰ দি আছোঁ। এতিয়া দুখৰ নিমিত্তে তোমাক মলিন দেখিব। মই কাকুতি কৰিছোঁ; যোৱা, ফুৰাগৈ, আকৌ আগৰ নিচিনা আনন্দিতা হোৱা। তোমাৰ ৰূপে কি বুঢ়া কি যুবা সকলোকে মোহিত কৰিছে; সেই ৰূপৰ প্ৰতি সাৱধান হবা।”

 এইৰূপে বহুত মিনতি কৰা দেখি মেৰিনাই কলে “বাৰু, মোৰ ইচ্ছা নথকাতো যাম।”

 তেতিয়া নিৰ্দয়া ডাইওনিচাই প্ৰবোধ দি কব ধৰিলে, “মেৰিনা তুমি অকলে অকলে কিয় কাঁদিব ধৰিছা? মোৰ কন্যা জনী তোমাৰ লগত নাই কিয়? তুমি লাইকোৰিডাৰ নিমিত্তে শোক নকৰিবা, মই তোমাক তেওঁৰ নিচিনা আদৰেৰে প্ৰতি পালন কৰিম। এই দুখৰ নিমিত্তে তোমাৰ মুখ একেবাৰে মলিন হৈ গৈছে। মোক ফুলবিলাক দিয়া, নহলে সাগৰৰ বতাহত নষ্ট হব।” মানুহ জনৰ প্ৰতি লক্ষ্য কৰি কলে, “এই মানুহ জনেৰে সৈতে ফুৰিবলৈ যোৱা। সুন্দৰ বতাহ বলিছে, তাক সেবন কৰিলে মন সুখী হব। আহা, তাৰ হাতত ধৰি লৈ যোৱা।”

১৮