পেৰিক্লিচ্
ছোৱালীটিক শুৱাই থৈ চাৰিও পিনে চোৱা, মই থেইচাক ধৰ্মমতে বিদায় দিওঁ।”
তেওঁলোকে পেৰিক্লিচক বাকচ আনি দিলে। থেইচাক এখন চাটিন কাপোৰেৰে মেৰাই সেই বাকচত থলে, আৰু তেওঁৰ ওপৰত নানা ৰকম সুগন্ধি মছলা ছটিয়াই দিলে, কাগজ এখনত থেইচা কোন আছিল, কেনেকৈ মৰিল, এইবিলাক লিখি তেওঁৰ কাষত থলে, আৰু নানা ৰকম মণি-মুক্তা আনি থই ইয়াকে লিখিলে, যদি কোনোবাই কেতিয়াবা সেই বাকচটি পাই, তেনেহলে তেওঁ সেই মণি-মুক্তা নি থেইচাক যেন কবৰ দিয়ে। এইবিলাক লেখি তেওঁ নিজ হাতে বাকচটি পানীত পেলাই দিলে।
যেতিয়া ধুমুহা কমিল, তেতিয়া নাবিকবিলাকক থাৰচাচলৈ জাহাজ নিব কলে। কাৰণ টায়াৰ পোৱালৈকে ছোৱালীজনী নিজীৱ, সেই নিমিত্তে সাধাৰণ শুশ্ৰুষাৰ নিমিত্তে থাৰচাচত তেওঁক ৰাখিব।
(৫)
যি ৰাতি থেইচাক পানীত পেলোৱা হৈছিল, তাৰে পুৱা “চেৰিমন” নামেৰে “একেচাচ” দেশৰ এজন উপযুক্ত ভদ্ৰলোক
আৰু বৰ নিপুণ কবিৰাজ সাগৰৰ পাৰত থিয় হৈ থকাত, তেওঁৰ