পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

আছে। মই ধুমুহাক ভয় নকৰোঁ। কাৰণ ই কৰিব পাৰা খিনি কৰিছেই; তথাপি এই ছোৱালীজনীৰ ভালৰ নিমিত্তে ইচ্ছা কৰোঁ যেন সোনকালে বতাহ নোহোৱা হয়।”

 নাবিকবিলাকে কলে “মহাৰাজ, তেনেহলে আপোনাৰ ৰাণীক সাগৰত পেলাব লাগিল। বৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে। বতাহ বৰকৈ বৈছে। এনে সময়ত জাহাজৰ পৰা মৰা শ নেপেলালে বতাহ কেতিয়াও নকমে।”

 যদিও পেৰিক্লিচে জানিছিল যে এই কু-সংস্কাৰৰ একো অৰ্থ নাই, তথাপি নাবিকবিলাকক সন্তোষিত ৰাখিবৰ নিমিত্তে কলে, “বাৰু, তোমালোকে যেনে ভাল পোৱা। তেনেহলে দুৰ্ভগীয়া ৰাণীক নিশ্চয়ে পানীত পেলাব লাগিল।”

 তেতিয়া সেই হতভাগা ৰজাই তেওঁৰ প্ৰিয়তমা স্ত্ৰীৰ লগত শেষ দেখা কৰিবলৈ গল, থেইচাৰ মুখখন চাই কবলৈ ধৰিলে, “প্ৰিয়ে, তোমাৰ মৃত্যু শয্যাখন বৰ ভয়ঙ্কৰ হল। পোহৰ নাই! জুই নাই! তোমাক কবৰলৈ লৈ যাবৰ নিমিত্তে কোনো সাজ-সজ্জা নাই। তোমাক ভাল ‘কফিন’ এটাও নোহোৱাকৈ সমুদ্ৰত পেলাই দিব লাগিল। তোমাৰ হাড়ৰ ওপৰত স্মৃতিস্তম্ভৰ সলনি সাগৰৰ পানী! তাৰ কুলকুলনিয়ে মোৰ মনত সদায় তোমাৰ স্মৃতি জগাই দিব। লাইকোৰিডা, মছলা, কাগজ, কলম, চিয়াঁহি আৰু মণি-মুক্তাবিলাক আৰু কফিনটো আনিবলৈ কোৱা। আৰু