পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

কৰোঁতেই এনে নিষ্ঠুৰ ব্যবহাৰৰ পোৱা নাই, সেই নিমিত্তে তোৰ স্বভাৱ বিনয় আৰু ভদ্ৰতাৰ আকৰ হওক। তোৰ জীৱনৰ সকলো ঘটনা সুখদায়ক হক, কাৰণ পৃথিবী স্বৰ্গ, মৰ্ত্ত্য, পাতাল, আকাশ, বায়ু আৰু বৰুণে যি বিপদ ঘটাব পাৰে, সেই বিপদৰ নিচিনা বিপদ প্ৰথমেই তই লগ পাইছ। আন কি প্ৰথমতে তই যি বস্তু হেৰুৱালি, সেইটো অকলেই তোৰ পৃথিবীৰ সমুদয় সুখতকৈ জোখত বেছি গধূৰ হব।”

 

(৪)

 ধুমুহা এতিয়াও ভয়ানক বেগে চলি আছিল। সাগৰৰ ঢৌবিলাক এতিয়াও পৰ্বতৰ নিচিনা আহি পেৰিক্লিচৰ জাহাজত গুম্ গুম্ কৈ মাৰি, আকৌ গৰ-গৰাই উলটি গৈ অদৃশ্য হৈছিল। সকলোৱে প্ৰাণৰ ভয়ত ভীত। কাৰো মুখত মাত নাই। নাবিকবিলাকে, সিহঁতৰ কুসংস্কাৰৰ মতে, ভাবিলে যে যেতিয়ালৈকে মৃত দেহ জাহাজত থাকে তেতিয়ালৈকে বতাহ নকমে। সেই নিমিত্তে মৃত দেহ পানীত পেলোৱা উচিত।

 এইবিলাক ভাবি কিছুমান নাবিকে পোৰক্লিচৰ আগলৈ আহি কলে, “মহাৰাজ, ঈশ্বৰে আপোনাক ৰক্ষা কৰক! আপোনাৰ কিমান সাহ আছে?”

 নাবিক সকলৰ এই কথা শুনি পেৰিক্লিচে কলে, “প্ৰচুৰ সাহ