সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
পুৰণি সাহিত্য।



পূত্ৰত ভাৰ্য্যাত নষ্ট ভৈল মনকাৰ।
বিধি নিষেধত দূৰ বুদ্ধি ভৈল যাৰ॥
দোষ বিধি নিষেধক নাহি ত্যাগ কৰে।
গুণ বিধি বিহিতকো তেসম্বে নাচৰে।।
পূৰ্ব্ব বাসনাত প্ৰায়ে বিধিত ৰময়।
যদি প্ৰমাদত নিষেধৰ সিদ্ধি হয়॥
দুইৰো ফল ঈশ্বৰত কৰে সমৰ্পণ।
জ্ঞানানুভবৰ বাপ এতেকে লক্ষণ॥


মনকাৰ — মমতা; মোৰ ভাব।