সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি সাহিত্য। যত জীৱৰাশি জড় কহে বেদসাৰ। জড়ৰ কি হোৱে পিতৃ স্বচ্ছন্দ বিহাৰ | অন্তৰ্য্যামী আত্মাসে জড়ক চলার যেন দাক পুত্রিকা কুহকে বুলার দোষ গুণ ভাগি দাক পুত্রিকা কি হয়। তাহাৰ অপূৰ্ব্ব কিবা পুত্রিকা ভুঞ্জয় ॥ ভয়ো মতে দোষ কিছু নাহি দেখা চাই । তভো পিতৃ যি বোলা চাৰিতে নুজুৱাই ॥ বিহিয়ো উচিত দত্ত যি হয় আমাৰ কৰিবহে৷ বাক্য পিতৃ নিশ্চয়ে তোমাৰ চতুব্বিধ পুত্র পিতা শাস্ত্ৰত কহয় ৷ তার এক বিধ আমি হুয়াছে। নিশ্চয় । পিতৃৰ বুঝিয়া চিত্ৰ যিতো প্ৰবৰ্ত্তয় । উত্তম তনয় বুলি শাস্ত্ৰত কহয় ॥ যিতো পুত্রে পিতৃ বাক্য আচরে সাদৰি । মধ্যম তনয় বুলি কছে উচ্চ কৰি ৷৷ হেলাৰূপে যিতো পিতৃ বচন আচৰে । জানিবা অধম পুত্র নাহি তাত পৰে ৷ পিতৃৰ বচন যিতো নকৰে দুৰ্জ্জন। পুৰীধৰ তুল্য সিতা কহে সৰ্ব্বজন । এতেকে তোমাৰ পিতৃ বচন পালিত । যদি পুত্র হও মই কহিয়ো নিশ্চত ৷ স্বচ্ছন্দ = স্বচ্ছন্দ। পুত্রিকা = পুতলা ।