ভীম-বঘাসুৰৰ যুদ্ধ । ইতিনি ভুবনে যত মহাবীৰ চয়। আছোক ধৰিবে লাৰিবাক নাপায় । দেখ নেদেখ বেগে বায়ুবেগে উঠি । ৰাক্ষসৰ হৃদয়ে হানিলা বজ্ৰ মুঠি হাতে ধৰি পাছক লাগিয়া হেম্পোচিল । ছোট পায়া চিত্ত হুয়া নিচালে পড়িল । উফৰি পড়িল গদ। কতো দুৰমান । টলবল কৰিয়া কম্পর মহীখান | জয় জয় পৱন কৰস্ত দেৱগনে গদাগোট ধৰি ভীমে ধাইলা তেতিক্ষনে । পুন্থ উঠিবাক তাক ভীমেও নেদিল । পূর্ব্বে ত্ৰিপুৰক যেন হবে নিপাতিল ৷ দুই হাত ডাঙ্গি সিতে। উঠিবে খোজয় । বিমুখত মাৰিলেতো অন্যায় সিজয় ॥ আকাশী বচন মাত্র কৰিলন্ত মন । অন্যায় সিজিব হেন নলৈল কাৰন ৷ দুয়ো হাতে গদা তুলি কোব এক দিলা। আঙ্গুলী ভাগিল সিতো উঠিয়া বসিল ॥ উঠে হেন দেখি দৈত্য মনে ভয় পায়া । দুয়ো হাতে গদাগোট উর্দ্ধক উচ্চায় । দিলেক কোবেক গাৱে শকতি যাবত । ভাঙ্গি গৈল যুক্ত গোট নৰৈল তাৱত | মুণ্ড ভাগিলতে তাৰ প্ৰাণ ছাড়ি গৈল । ধৰণীত চলি তাৰ দেহ গোট ৰৈল ।
পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৭৭
অৱয়ব