এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
ভীম-বঘাসুৰৰ যুদ্ধ।
আজি মোৰ মৃত্যু আমি মিলিল কেৱল।
যুঝিবাক লাগি নাহিকয় কিছু বল॥
মুনি নিগদতি অবা শুনা নৃপবৰ।
এত হন্তে বচন পৰিল আকাশৰ॥
শুনী বায়ুপুত্ৰ আক নেদা সন্ধুকিবা।
জীৰাইলে ইহাৰ পুনু বল সে বাঢ়িবা॥
গদায়ে কোবায়া মূৰ ভাঙ্গিয়া মাৰিয়ো।
সমস্ত দুখৰ বাপু দুৰ্গতি খন্দিয়ো॥
আকাশৰ বচন শুনিও হেন চয়।
বৃকোদৰে শুনে তাক আনে নুশুনয়॥
শুনি পাণ্ডু নন্দনৰ হৰিষ অপাৰ।
বঘাসুৰ ৰাক্ষসক ধাইলা পুনৰ্ব্বাৰ।।
নিশাচৰে বোলে অৰে দুৰ্জ্জন মানুষ।
তোহাৰ সমান নায় নিলাজ পুৰুষ॥
বাৰে বাৰে মাৰি মাৰি যমক ডকাও।
ইবাৰ মাৰিলে তেবে কেনে আস চাওঁ॥
এহি বুলি মহা কোপে শাল বৃক্ষ ধৰি।
কোবা কুবি লগাইলেক পাক ফুৰি ফুৰি॥
দুইকো দুই কোবাৱয় আক্ৰান্তে ধৰিয়া।
বজায় শব্দ ঠাক ঠাক যে কৰিয়া॥
সন্ধুকিবা —সথিব; শতাব; জিৰনি লব। ধাইলা—খেদি গল। ডকাও— মাতোঁ।