সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
পুৰণি সাহিত্য।


মনত পাইল ৰঙ্গ শত্ৰু নাশ গৈল।
দেৱতা সবৰো মনে মহাদুঃখ ভৈল॥
তিনি ভ্ৰাতৃ গলাগলি কৰিয়া কান্দয়।
দুই ঘটী মানে বেলা তথাতে আছয়॥
ভীমে বোলে ইতো যদি সৈন্যত পশয়।
পুনৰপি ৰণে জানো নবীন হোৱয়॥
বিনাযুদ্ধে ভাগৰিছে ৰাক্ষস দুৰ্জ্জন।
এহিবেলা নমৰিলে যাবে কোন জন॥
এহি বুলি ৰাম কৃষ্ণ বুলিয়া ডাকিল।
গাৱৰ শকতি মানে আটাসেক দিল॥
ভীমৰ আটাসে যেন স্বৰ্গ যায় ফাটি।
পালটিয়া দেবগণ যায় ধাৰি বাটি॥
তুগুছিল আমাৰ দাৰুণ দৈত্য ভয়।
ভীম মৰি গৈল আৰু কমনে মাৰয়॥
এহি মতে দুঃখে সবে মৰিয়া জীৱয়।
ভীমৰ আটাস শুনি তলক চাৱয়॥
ভয়ানক গদা ধৰি ৰাক্ষসক ধায়।
দেখি ত্ৰিদশৰ আনন্দৰ পাৰ নায়॥
ভীমক দেখিয়া তিনি ভ্ৰাতৃ ৰঙ্গমন।
জীলো বুলি সিংহনাদ কৰে ঘনে ঘন॥
আটাস শুনিয়া বঘাসুৰ চমকিল।
পালটি চাহিয়া পুনু ভীমক দেখিল॥
বোলে মৰা মানুষিয়া কিনতে জীলেক।
কালে সে কৰাৱে ইতো অকৰ্ম্ম প্ৰত্যেক॥