বৰ বৃক্ষমানে আনি ভাঙ্গি আগ গোড়।
যিমান হানিল বৃষ্টি নোহে তাৰ জোৰ।।
নেদেখি ভীমক বৃক্ষগণে ঢাকি ৰৈল ।
দেবগণে বোলে ভীম যমপুৰে গৈল ।।
তিনি ভ্রাতৃ মিলি দুঃখ কৰে বহুতৰ।
অৰ্জ্জুনে বোলন্ত আমি ধৰো ধনুশৰ ॥
সহদেৱে বোলে ধনু ধৰি কি কৰিবা ।
বৃক্ষৰ তলৰ পৰা দাদাক আনিবা ।।
কৈতবা পুটীলে বৃক্ষ পৰ্ব্বত আকাৰ ।
পুনু পুনু হানিবে লাগিলা দুৰাচাৰ।।
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয় ।
বাঘাসুৰ পাছ ধৰি ভীমেহে আছয় ।।
দেখি বঘাসুৰে বোলে মানুষ মৰিল ।
এমন বৃক্ষৰ ঘাৱে কেন মতে জীল ॥
বহি নাথাকিল পুনু শিলা হানিলেক ।
যদিবা জীবিত আছে লৱৰ দিয়োক ৷৷
পাছ ধৰি মুচড়িয়া তাহাক মাৰিবো।
সকলে কাৰ্য্যৰ তেবে প্ৰতিকাৰ পাইবো।।
এতি বুলি বীৰ বড় শিলা বৰিষয়।
প্রহৰেক মানে ভৈল পৰ্ব্বতৰ নয় ।।
কমঠ পৰ্ব্বত ভাঙ্গিলেক দুৰাচাৰ ।
গোটেক নৰৈল তাৰ বৃক্ষ শিলা আৰ ।।
মৰিলেক ভীমৰীৰ ৰাক্ষসে জানিল।
গাৱ সৱ ভাগি তেবে ভাগৰে পীড়িল ॥
পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৭৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
ভীম-বঘাসুৰৰ যুদ্ধ।