সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
শ্ৰীকৃষ্ণৰ আগমনত পুৰবাসীৰ আনন্দ।


কৃষ্ণৰ জতেক পত্নিগনে ৰথে চতুৰ্দ্দোলে ৰঙ্গমনে
 চলি জান্ত সবে মাধৱক মধ্য কৰি।
পূৰ্ণ চন্দ্ৰমাক জেন বেঢ়ি  তাৰাগনো সোভে সাৰি সাৰি
 দেখি অন্যো অন্যে চাহে নগৰৰ নাৰি॥ ১৫১
ইতো সবে পুন্যৱতি নাৰি কিনো মহা পুন্য আছে কৰি
 কৃষ্ণ হেন স্বামি সঙ্গে ফুৰা ৰঙ্গ কৰি।
কৃষ্ণৰ কটাক্ষ হাস্য দেখি আনন্দ জতেক পাইল আক্ষি
 তাৰ ভাগ্য সবে বৰ্ণাইবাক কোনে পাৰি॥
পুৰুষ মুকুট যদুপতি তাঙ্ক স্বামি পাইল' জিতো সতী
 তাইৰ ভাগ্যক বৰ্ন্নাইবাক পাৰে কোনে।
এহি মতে সবে নৰ নাৰি  কৃষ্ণক বৰ্ন্নাবে ৰঙ্গ কৰি
 কটাক্ষে হাসিয়া চাহি জাত নাৰায়নে॥ ১৫২


পুৰুষ মুকুট = পুৰুষ শ্ৰেষ্ঠ।