কেহো জনি বোলে ঐ বাই কি কৰস ঝান্টে আস ধাই
দেখ সখিসব সভাৰ্য্যে আসিলা হৰি।
কেহো বোলে ঝাণ্টে চল মামি জনম সফল কৰো আমি
সভাৰ্য্যে কৃষ্ণক দেখোহো নয়ন ভৰি॥
কেহো জনি বোলে সাসু আই আস পেসি মাসি বাপুৰাই
জেন তেন কৰি ঘৰৰ বজায়ো ঝান্টে।
ত্ৰৈলোক্য সুন্দৰ কৃষ্ণ মুখ দেখি পাইবো আজি মহাসুখ
মহোৎসৱে সবে হৰি জান্ত ৰাজবাটে॥ ১৪৯
অসংক্ষাত হয় হন্তি ৰথ পাইকে ঢাকি জাই ৰাজপথ
সমুখে দেখিবে নপাই কতো নৰ নাৰি।
বড় বড় উচ্চ গৃহে চড়ি কটাক্ষে কৃষ্ণক হাস্য কৰি
নিৰেখি নিৰেখি চাৱে নেত্ৰ ভৰি ভৰি॥
তনু নব আতি ঘনস্যাম পীত বস্ত্ৰে সোভৈ অনুপাম
শ্ৰীবৎস কৌস্তুভ বনমালা সোভৈ গলে।
কীৰিটি কুণ্ডল ৰত্নহাৰ নানা অলঙ্কাৰে ঝাতিস্কাৰ
সুমৰনে তিনি ত্ৰৈলোক্যৰ মন ভুলে॥ ১৫০
লবঙ্গ মালতি পুষ্পচয় জয় কৃষ্ণ বুলি বৰিসয়
আলিঙ্গিয়া মনে জেন চুম্বে নাৰিজনে।
বাৰ্ত্তা পুচৈ কেহো বৰ বালা সৰ্ভাৰ্য্যে গোবিন্দ আসি ভৈলা
তযু দৰসনে হৰিস লভিলা মনে॥
ঝাণ্টে=শীঘ্ৰে। ধাই – খেদি; বেগা বেগি কৰি।