সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৶৽


 সাঁচীপতীয়া পুথিৰপৰা লোৱা পাঠবোৰৰ বানান ঠিক পুথিৰদৰে ৰখা হৈছে। অন্যান্য পাঠৰ বানানৰ ওপৰতো আমি হাত দিয়া নাই। সম্পাদকসকলে যি বানানত পুথি সংগ্ৰহ কৰিছে বা প্ৰকাশ কৰিছে আমিও ঠিক সেই বানানকে ৰাখিছোঁ।

 পুথিখনৰ পাঠবোৰ সময়ৰ ক্ৰম অনুসৰি সজোৱা হৈছে। ইয়াৰ পৰা ভাষাৰ বানানাদিৰ ক্ৰমিক পৰিবৰ্ত্তন কিছু অনুমান কৰিব পাৰিব বুলি বিশ্বাস কৰোঁ।

 অপ্ৰচলিত আৰু কঠিন শব্দবোৰৰ অৰ্থ কিছুমান কোনো কোনো পাঠৰ তলত দিয়া হৈছে। ইয়াৰ কিছুমান অৰ্থ অভিধানৰ আশ্ৰয় লৈ লিখা হৈছে; কিছুমান নিজে চিন্তা কৰি পদৰ অৰ্থৰ লগত খাপ খুৱাই লিখিবলৈ যত্ন কৰিছোঁ। “ভূমিদান পত্ৰৰ” তলত দিয়া শব্দাৰ্থবোৰৰ সৰহ যিনি পণ্ডিত ৺ হেমচন্দ্ৰ গোস্বামী দেৱে নতুন “জোনাকীৰ” ৩য় ভাগৰ চ’ত-বহাগ সংখ্যাত লিখা প্ৰৱন্ধৰপৰা লোৱা হৈছে।

 যিসকল সুধীজনৰ সম্পাদিত পুথিৰপৰা আমি পাঠবোৰ সংগ্ৰহ কৰিলোঁ। জয় জয়তে সেইসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ। ইন্সপেক্টৰ চাহাব মহোদয়ে এই কাম কৰিবলৈ দিহা-পৰামৰ্শ নিদিলে আৰু আমাৰ স্কুলৰ চুপাৰিণ্টেণ্ডেণ্ট মহোদয়ে সংগ্ৰহকাৰ্য্যত পৰামৰ্শ আৰু সংগৃহীত পাঠবোৰ সংগ্ৰহ হোৱাৰ লগে লগে পঢ়ি চাই আমাক উৎসাহ দি নাথাকিলে এই সংগ্ৰহ হৈ নুঠিলহেঁতেন। এই কাৰণে উক্ত সদাশয়, মাতৃভাষানুৰাগী আৰু মোৰ গুৰুস্থানীয় উপৰিস্থ কৰ্ম্মচাৰী দুজনাৰ ওচৰত কৃতজ্ঞতাপাশত আবদ্ধ থাকিলোঁ।

 এই কাৰ্য্য সামান্য হলেও আমাৰ বিদ্যা-বুদ্ধিৰ তুলনাত অতি