সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯
শ্ৰীকৃষ্ণৰ আগমনত পুৰবাসীৰ আনন্দ।


গৃহৰ উপৰে হেম ঘট  সাৰি সাৰি সবে ফট ফট
  ৰজতৰ শৃঙ্গজলে দুই তাৰ পাসে।
যুধিষ্ঠিৰ নৃপতিৰ পুৰ   সুমৰণে পাপ হোৱে দুৰ
  দেখি তুষ্ট ভৈলা ভকতৰ ভয় নাসে॥
মনুষ্যৰ দুই নয়নৰ   অমৃতৰ পৃয়পাত্ৰ তৰ
  কৃষ্ণ আসিবাৰ সুনিলে জুবতিগনে।
গৃহকৰ্ম্ম মানে পৰিহৰি   কৃষ্ণ দেখিবাক ৰঙ্গ কৰি
  আতি আথে ৰেখে চলি গৈলা তাৱক্ষনে॥
হেৰ ৰথে জান্ত যদুপতি   সুনিয়া আকুল ভৈলা আতি
  কতো কন্যাগনে লৱড় দিলেক ভিড়ে।
হেৰ কৃষ্ণ জাই কৃষ্ণ জাই   ৰাজ বাটে বাটে গেড়িয়াই
  সৰিবৰ সবে বসন খষিয়া পড়ে॥ ১৪৭
চলে মুকলিত কেস হুই   হলফল কৰে তন দুই
  ঝনকে কিঙ্কিনি কৰ্নৰ কুণ্ডল ডোলে।
চৰনে নুপুৰ কৰে ধ্বনি   ঝামাক ঝুমুক কৰে সুনি
  জুবতি সকলে কৃষ্ণক চাহিবে চলে॥
কেহো স্বামি সঙ্গে আছে সুতি   সুনে আসিলন্ত লক্ষ্মিপতি
  উঠি লড় দিলে সজ্যাতে স্বামীক চাড়ি।
তেজিলেক সবে লাজ কাজ  কৃষ্ণক চাহিবে ভৈলা বাঝ
  ঝাকে ঝাকে জত নগৰৰ নৰ নাৰি॥ ১৪৮


হলফল কৰে- নাচাৰ দৰে লৰে।