এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
পুৰণি সাহিত্য।
ব্ৰহ্মা মহাদেৱ লক্ষ্মিদেৱি কায়বাক্যমনে থিৰ কৰি
পৰম আনন্দে চৰন সেৱন্ত জাৰ।
সদা জন্ম জৰা মৃত্যুহিন শ্ৰীমন্ত সুন্দৰ গুণ নিধি
বিষ্ণুত বিনাই কোন দেৱ আচে আৰ॥ ৫৮৮
জাৰ পাদোদকে দেবি গঙ্গা জাৰ বাক্যে হুয়া আচে বেদ
পৰম পতিতো তৰয় জাহাৰ নামে।
সৃষ্টি স্থিতি প্ৰলয়ৰ জিতো পৰম কাৰন নাৰায়ন
হেন ইশ্বৰক নভজয় কোন কামে॥ ৫৮৯
অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাত পৰম্পৰমাত্মা ৰূপে।
তেন্তে বিষ্ণু জানা ব্ৰহ্মপাৰ পৰ পাৰভুত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে॥ ৫৯০