সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
ঘোষা।


একান্ত ভকত সবে নিৰ্গুন কৃষ্ণৰ গুন
 গাৱে সদা বসিয়া জথাত।
বৈকুণ্ঠকো পৰিহৰি যোগিৰো হৃদয় এড়ি
 থাকা হৰি সাথ্যাতে তথাত॥ ৪

অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিব তাঙ্ক
 ব্যাপকত কিবা বিসৰ্জন।
এতাৱন্ত মুৰ্ত্তি শুন্য কেনমতে চিত্তিবাহা
 ৰাম বুলি শুদ্ধ কৰা মন॥ ৫

 

(৩) ঈশ্বৰ নিৰ্ণয়।


কৃষ্ণ এক দেৱ দখহাৰি কালমায়াদিৰো অধিকাৰি
 কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰি দেৱ তান্ত বিনে আন নাহি কেৱ
 জানিবা বিষ্ণুসে সমস্তে জগতে সাৰ॥ ৫৮৬

( ৪ ) ভাবাৰ্থ।


নমো নমো নিত্য নিৰঞ্জন নাৰায়ন শিৱ সনাতন
 অনাদি অনন্ত নিৰ্গুন শুন নিয়ন্তা।
পৰম পুৰুস ভগৱস্ত নাহি পুৰ্ব্বাপৰ আদি অন্ত
 তুমিসে চৈতন্য সমস্তে ভৱভাৱস্তা॥ ৫৮৭