এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২ ঘোষা।
[ নামঘোষা — শ্ৰীমাধৱদেৱ )
( ১ ) ভজন।
মুক্তিত নিস্পৃহ জিতো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্তে মস্তকমনি নিজ ভকতৰ বশ্য
ভযো হেন দেৱ জদুপতি॥ ১
জাৰ ৰাম কৃষ্ণ নাম নামে ভব সিন্ধু তৰি
পাৱে পৰম পদ পাপি জত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহে৷ হৃদয়ত॥ ২
( ২ ) নমস্কাৰ।
মৎস্য কুৰ্ম্ম নৰ সিংহ বামন পৰসু ৰাম
হলিৰাম বাৰাহ শ্ৰীৰাম।
বোধ কল্কি নামে দস আকৃতি ধৰিচা কৃষ্ণ
তযু পাৱে কৰোহে৷ প্ৰনাম॥ ৩