এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
পুৰণি সাহিত্য।
পৰম বিহ্বল ভাৱ ভৈল বৎস ধেনু।
পীড়িলেক শীতে তৰতৰি কম্পে তনু॥
শিলা বৃষ্টি পড়ে ছিড়ে হাড় মুড় ঘাড়।
পেটৰ তলত দামুৰিক কৰি আড়॥
চক্ষু জপাই নমাই মাথ কম্পিত স্বভাৱে।
মাধৱৰ সমীপক ধেনুসৰ ধাৱে॥
গোকুলৰ পশুৰ দেখিয়ো কেন জ্ঞান।
জানে ৰক্ষাকৰ্ত্তা কৃষ্ণ বিনে নাই আন॥
হাম্বা ৰব কৰি যুথে যুথে ধেনুগনে।
পশিলা শৰন সবে কৃষ্ণৰ চৰণে॥
পাই গোপ গোপী শিলা বৃষ্টিৰ সন্ধান।
শীতে বাতে অতি তনু তৰতৰি মান॥
মিলিল প্ৰলয় বুলি ভৈল অচেতন।
লৈলে ত্ৰাসে আসি সবে কৃষ্ণত শৰণ॥