সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
কৈকেয়ী-মন্থৰা সংবাদ।


গুণৰ মন্দিৰ ৰাম বাপ শুদ্ধমতি।
কৌশল্যাতোধিক মোত কৰয়ে ভকতি॥
সত্যে সত্যে বোলো কিছু নাই অন্যায়থা।
ভৰততোধিক মোৰ ৰামকেসে বেথা॥
কতোকাল ৰাজ্য ভুঞ্জি সহৰিষ মনে।
ভৰতত বামে ৰাজ্য সম্পিব আপনে॥
কুজী বোলে ভাল তুমি ৰামক বখান।
ৰাজবংশে উতপত্তি কিছুৱে নজান॥
ৰাম ৰাজা ভৈলে পাচে তাহাৰ তনয়।
পুত্ৰ-পৌত্ৰ বংশে ৰাজা হৈবেক নিশ্চয়॥
দুয়ো কুলে ৰাজা তাৰ নাজানস কাজ।
কহিত শুনিলি ভায়েকক দিয়ে ৰাজ॥
তোহোৰ বাপৰ ভাই জগত বিদিত।
তাঙ্ক ৰাজ্য নেদিয়া থাপিলা যুদ্ধাজিত॥
হেন সব জানি তোৰ মতি বিপৰীত।
বুদ্ধি হত ভৈলে বোলো নুশুনস হিত॥
সতিনীৰ পোৰ গুণ বখানস কিস।
মুখত অমৃত তাৰ হৃদয়ত বিষ॥
অঙ্গাৰক দুগ্ধে কৰে শতেক প্ৰক্ষাল।
তথাপিতো নেৰয় স্বভাৱ বৰ্ণকাল॥
ৰাজা ভৈলে ৰাঘৱ ভৰত বনে যাইব।
ৰামৰ হাতত নুহি প্ৰাণ সুঝাইব॥
মোৰ বোল নুশুনস হবুঝস কাজ।
সকুটুম্বে জানিলো দেশৰ ভৈলে ৰাজ॥


সুঝাইব = অৰ্পণ কৰিব। অন্যয়থা = অন্যথা।