সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
কৈকেয়ী-মন্থৰা সংবাদ।


এতেকে কৌশল্যা ভৈলা আনন্দিত চিত।
তনয়ৰ আনন্দ দেখিবা নিতে নিত॥
ধাইৰ বচন শুনি কুজীয়ে খঙ্গাইল।
আথে বেথে গৈয়া কৈকেয়ীৰ পাশ পাইল॥
উঠ উঠ দুহা শয়নক পৰিহৰ।
তোহোৰ উপৰে কথা বৰ আপান্তৰ॥
সচকিত মনে শয্যা হস্তে চালি গাৱ।
কুজীত শোধয় কথা ভৰতৰ মাৱ॥
শুন বোলো কুজী তোৰ কেনে দেখো মন।
কিনো আখান্তৰ কথা কহ এতিক্ষণ॥
কৈকেয়ীক মন্থৰা বুলিল পাচে ৰাণী।
মিলিল তোমাৰ ক্ষয় কিসক নাজানি॥
তুমি যেন সুভাগিনী জানিলোহো কাজ।
দশৰথে ৰামক কৰন্ত যুবৰাজ॥
অকল্যাণ বৰ আসি মিলিল দুৰ্ঘোৰ।
ইতো দুঃখ সাগৰে উদ্ধাৰ নাহি তোৰ॥
কিনো পাপ কৰিলো যৌতুকে দিল মোক।
সতিনীৰ চেড়ী হৈবি দেখিবোহো তোক॥
ৰাম অভিষেক শুনি সহবিষ মনে।
গ্ৰীৱাৰ কাঢ়িয়া হৰি দিলা তেতিক্ষণে॥
ৰাজ্যদেওক ৰামক নৃপতি দশৰথ।
লও কুজী প্ৰসাদ ফলিল মনোৰথ॥
ক্ৰোধত খঙ্গিল কুজী জাজ্জ্বল্য সমান।
আছাৰিয়া পেলাইলেক কৈকেয়ীৰ দান॥