এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
হিৰণ্যাক বধ।
কতো বেলি চেতন লভিলা নাৰায়নে।
নসহে হৃদয় দুখে শোক অপমানে॥
এক লাম্ফ দিয়া হৰি হিৰন্যক ধৰি।
মাল বান্ধে বান্ধিলস্ত ধৰনিত পৰি॥
অসুৰৰ ৰঙ্গ দেখি মাধৱৰ খঙ্গ।
দুয়ো এক বিৰ সম জেছেন মাতঙ্গ ॥
দিন গোট যুঝে সন্ধ্যা ভৈলেক প্ৰবেষ।
চিদ্ৰ কাল লভিলন্ত দেব ঋষিকেশ॥
ঘোষাই আনিলন্ত পানিপতনিক লাগি।
ঘষান্তে ঘষান্তে তাৰ হাৰ গৈলা ভাগি॥
দুই হাতে অসুৰক তুলি আলগাই।
জল স্থল কিচো নোহে উৰুত বৈসাই॥
অস্ত্ৰে সস্ত্ৰে নকাটিলা নথে বিদাৰিলা।
ৰাতৃ দিনে কিচো নোহে সন্ধ্যাতে মাৰিলা॥
হৃদয় বিদাৰি পেলাইলেক মহিতলে।
নগৰৰ লোক মানে পালাইলা সকলে॥
গিৰিক ভেদিয়া যেন বহি জাই জল।
হিৰন্যৰ তেজে বসুমতি জাই তল॥
হেনমতে নিসাচৰ গৈলা জমঘৰ।
( হেন) দেখি বঙ্গ ভৈলা সকল দেৱৰ॥
আকাসৰ পৰা সবে কৰে হৰি বাৱে।
অপেস্বৰা নাচন্ত গন্ধৰ্ব্বে গিত গাৱে॥
পানিপোতনি—পানী পাচ : আচলিয়া।
লয়ঙ্গ = লবঙ্গ