মুখবন্ধ।
নিৰ্মাল স্কুলৰ পাঠ্য সাহিত্যৰ অত্যন্ত অভাব দেখি আসাম উপত্যকাৰ স্কুল সমূহৰ ইন্সপেক্টৰ চাহাৰ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী মহোদয়ে পুৰণি সাহিত্যৰ সংগ্ৰহ এখন যুগুত কৰিবলৈ মোক সকলো প্ৰকাৰে দিহা লগাই দিয়ে; আৰু তেখেতৰ পৰামৰ্শ আৰু নিৰ্দ্দেশ মতে পাঠবোৰ নিৰ্বাচন কৰি ইয়াক সংগ্ৰহ কৰোঁ। নৰ্মাল স্কুলৰ চুপাৰিণ্টেণ্ডেণ্ট পূজনীয় শ্ৰীযুক্ত ঘনকান্ত বৰুৱা মহোদয়ৰপৰাও এই বিষয়ে সকলো প্ৰকাৰৰ সহায় আৰু উপদেশ পোৱা হৈছে; আৰু সংগৃহীত পুথিখন তেখেতে পঢ়িও চাইছে।
গদ্যভাগৰ প্ৰথম পাঠটো যোৰহাটৰ শ্ৰীযুক্ত মিত্ৰদেৱ মহন্ত দেৱৰ পৰা পোৱা প্ৰায় ডেৰ শ বছৰৰ পুৰণি সাঁচীপতীয়া পুথিৰ পৰা সংগ্ৰহ কৰিছোঁ; আৰু তাক কামৰূপৰ সুন্দৰীদিয়া সত্ৰৰ শ্ৰীযুক্ত দীননাথ অধিকাৰী দেৱৰ ঘৰত থকা প্ৰায় এশ বছৰৰ পুৰণি পুথিৰ লগত মিলাই তাৰ পাঠ আৰু বানান ঠিক কৰিছোঁ।
দ্বিতীয় পাঠটো সুন্দৰীদিয়া সত্ৰৰ পুথিৰ পৰাই লোৱা হৈছে; আৰু তাক অধ্যাপক শ্ৰীযুক্ত বাণীকান্ত কাকতী এম-এ ডাঙৰীয়াৰ সম্পাদিত নাটৰ কথাৰ লগত মিলোৱা হৈছে। এই পাঠটোত অধ্যাপক ডাঙৰীয়াৰ প্ৰকাশিত পুথিৰ বানান নাৰাখি আমি সাঁচীপতীয়া পুৰণি পুথিৰ বানান হে ৰাখিছোঁ।