পুৰুষসবো : গুণময় প্ৰপঞ্চত প্ৰকাস কৰা :তেমনে নিৰ্গুন ইন্দ্ৰৰ ধেনুয়ো সব্দ গুনৱন্ত আকাসত প্ৰকাসিলা :জেন অহঙ্কাৰি হৈলে পুৰুষ প্ৰকাস নকৰে : তেমনে মেঘাচ্ছন্ন হৈয়া চন্দ্ৰ প্ৰকাস নকৰিলা :জেন সাধু গৃহসবে বৈষ্ণৱক পায়া আনন্দ পাৱে: তেমনে মেঘ
দেখি ময়ূব আনন্দ লভিল: জেন তপস্যাত ঋষিসবো কামভোগ• এড়ি দিবাকপ হবে: তেমনে বৃক্ষসবো ফল পায়া সুন্দৰ সৰিৰ হৈল :জেন দুৰ্ব্ব, ধিসব বহু দুগ্ধ গৃহতো নিবাস কৰে। তেমনে পৰমকণ্টকভুক্ত সৰোবৰতো চক্ৰবাক থাকে : জেন পাসণ্ডৰ বাদে: কলিত বেদ পন্থ নষ্ট কৰে: তেমনে বৰিষাৰ ফলৰ বেগে আলিসৰ ভাঁগিল : জেন পুৰোহিতৰ বাক্যে ৰাজানবে ধনাদি দান কৰে: তেমনে বায়ুৰ প্ৰেৰণে মেঘে লোকত বল বৃষ্টি কৰিল: এমনে ভগবতে নানাবিদ্ধ সুপকৃ ফলযুক্ত : বনত কড়াৰ নিমিত্তে : গো গোপ সমে প্ৰবেসিলা : ৰোসাধাৰ ভবে মন্দগানি ধেনুসবো ভগবন্তৰ আহ্বান শুনি সিঘ্ৰে চলে: তাত ভগবতে দেখস্ত বনবাসি সব হৰিস হৈয়াছে :বৃক্ষসবৰ মধুশ্ৰবে : পৰ্ব্বতৰো বল ধাৰা বহে। দেবে বৃষ্টি কৰিতে বৃক্ষৰ মুলত পৰ্ব্বতৰ গহ্বৰ পসি: সখিগন সমে ফলমূলখায়া আনন্দকৰন্ত : বলৰ সমিপত সিলাত থৈয়া দধি অন্ন ভোজন কৰন্ত। গোবৎস বৃসকো চাৰা থাকন্ত : বৰিবাৰ সোভাকো প্ৰসঙ্খন্ত। এমনে কৃষ্ণে বৰিসাত কড়া কৰিতে : সৰতকাল হৈলে: জত মেঘ দুৰ গৈল :জ্বলো নিৰ্ম্মল পড়িল : সিতল বায়ু বহিল : জেন ভ্ৰষ্ট যোগিৰ চিত্ত প্ৰযাগ সেৱায়ে নিৰ্ম্মল হয়: তেমনে সবতকালে ফল নিৰ্ম্মল কৰিল :
জেন ব্ৰহ্মচাৰি গুৰুসেৱা দুখ : গৃহস্থৰ পুত্ৰ ভাৰ্য্যা সঙ্গদুখ : বানপ্ৰস্তৰ মল ধাৰণা দুখঃ সন্যাসিৰ কামবাসনা দুখ: কৃষ্ণভক্তিয়ে সবে দুখ কৰে। তেমনে সৰত কালেৰো আকাসৰ মেঘ প্ৰানিৰ একত্ৰ বাস :
পৃষ্ঠা:পুৰণি সাহিত্য.pdf/২৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
বৰ্ষা আৰু শৰৎ বৰ্ণনা।