সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰণি সাহিত্য ।


কানু বোলে বস মই খুজিয়া নাপাইলোঁ :
তাৰে পুচিবাৰ তোৰ ছৱাল জগাইলোঁ :
গোপি বোলে শুন অৰে টেণ্টন কানাই :
তোহোৰ মুখত দেখো লৱনু গন্ধায় :

কথা— গোপি বোল :-

 হে কানাই : তোহোঁ বৰি নাগ হামাৰ সব লৱনু খাই ঝুন্টা বাত কহইছ : জব তোহোঁ লৱনু নাহি খাৱব : তব বচন বলিতে তোহাৰি বদন হন্তে কৈচন গন্ধ বাজ হোই।

কথা— শ্ৰীকৃষ্ণ বোল —

 হে গোৱালি তোহোঁ বৰি দাৰুন হৃদয় : আপোন জিহ্বা ৰাখিতে নাপাৰি আপোন গৃহে লৱনু খাৱলি অব ভতাৰক ভয়ে হামাক অপযশ দেৱত : হামাৰ ঘৰে লৱনু কে পুছত : খাইবাক নাপাই ইহাৰ ঘৰে চোৰি লৱনু খাৱল।

নাগৰ - ৰসিক। ভতাৰ = স্বামী।