এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২ গোপী আৰু শ্ৰীকৃষ্ণৰ কথোপকথন।
[ পিপড়া গুচোৱা নাট— শ্ৰীমাধৱদেৱ। ]
শ্লোক -[ বাদ দিয়া হৈছে। ]
গীত
ৰাগ— শ্ৰীগান্ধাৰ, পৰিতাল।
| ধ্ৰুং— | মোৰ ঘৰে কেনে তুমি বোলয়ে গোৱালি
বলাইৰ কনিষ্ঠ মোক বোলে বনমালি : |
| কথা— | গোপি বোল-
আছে হামাৰ মন্দিৰে তোহো কে! |
| কথা— | শ্ৰীকৃষ্ণ বোল-
আ: হামাক নাহি চিনহ! হামো বলভদ্ৰক কনিষ্ঠভাই : |
| পদ – | ( পূৰ্ব্ব গীতৰ )
গোপি বোলে এথা তুমি আইলা কি কাৰনে : মোৰ ঘৰ বুলি আইলোঁ বোলে নাৰায়নে : |
| কথা— | গোপি বোল-
আহে তোহো বলাইক কনিষ্ট : আ: জানল জানল কি নিমিত্ত এথা আৰল থিক : |
| কথা— | শ্ৰীকৃষ্ণ বোল |