পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানে উই জুৰিয়া পৰ্বত পালেহি। সেইবেলা হাৰুং চেটিয়া, চেটিয়া সাৱতে থাকি না মেলিব নোৱাৰিলে। দিহিঙ্গিয়া গল। মনি পলাল। আনো নাও কাখ্যক চপাই মানুহ উঠিল; বঙ্গলে নাও তিনি ধন পাই নিলে। আন নাও পাতি ধৰত নহল। বামৰ পৰা কালি মাৰোতে ঘঙ্গল গল। সেই বেলা অভয় পুষিয়া নেওগ ফুকন আমাৰজুৰিৰ বড় সিলত উঠিল গৈ। বঙ্গালে দেখি গুলি মাৰিলে, মুখত পৰি মৰিল। আস্মিন অজয় পুৰীয়া নেওগ ফুকনৰ মাসত সুক্ৰবাৰে ১৫৫৭। সেইবেলা সৰুচকু মৃত্যু; চেটিয়া বড়গোহাঞে কাজলিৰ পৰা লোকজনক সকে ৰাজখোৱা ফুকন। দণ্ডি কৰি লগাই দিলে। পাছে সকলোএ আলচ কৰিববালে, এনে সময়ত যে ফুকন হোল আমি চেটিয়া ৰাজখোৱাক ফুকন পাতিলে; এ ফুকন নহবলৈ অনেক ৰুপে বুলিলে। এই কথা বজালৈ জনাই পঠালে। মহাৰাজা তেওঁকে ফুকন পাতিলে। এয়োৰ দিনৰ যুদ্ধব কথা। পাচে বঙ্গালে আগিয়াঠিত তিন দিন থাকি তাৰ পৰা ওলাই তুৰে বুদ্ধ দিলে। দুই ভিতিৰ লোক সমান। যুগ্ধ হল। তথাপি আহোমৰ গঢ় তুলিব নোৱাৰিলে। মাজুলী আগয়া কলধু সন্দিকৈ পড়িল। চাৰিঙ্গিয়া ফুকনৰ ভায়েকৰ গলত কাণ্ড লাগি মৰিল। লাচাম ডাং তামুলি গুলি লাগি এড়াল। বঙালে গঢ় বান্ধি সত্ৰাজিতে, মিৰে, তাতে থাকিল। তাত পাচে বঙালে বাৰ খন গোৰাপ আগ কৰি নাৱে যুদ্ধ দিলে; আহোমৰে সমস্ত লোকে দিনে দিনে নাৱেৰে প্ৰধান যুদ্ধ কৰিছে; পাচে কাণ্ডগুলিও ধুকাল। কতো বেলি অন্তৰে বহি ৰোৱাৰি, অভয় পুৰিয়াৰ মানুহ যুদ্ধ এড়ি পলাল; তাক দেখি আনে নাও এড়ি পলাল। তেৰে বঙালে নাও দহখন পাই নিলে। পেটকটা হিলৈ এটা নিলে। এই মতে এক মাহ যুদ্ধ কৰে। কাৰৰ ভঙ্গ জয় নাই। কতোকতো আহোমে বঙ্গালৰ খৰি ভাষিক জুমি জুমি কাটে। মুখ আনিলো বুলি বটা মাই, এই সুজৰ কেৱস্থা মহাৰাজ সমন্তে 1