পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ পুৰণি ফুকী তাও, মুক্তা, পোৱাল আনে বাখৰ সকল দি পঠালে। আৰু পত্ৰত লিখিলে মই মহাৰাজাৰ বেটা হলো, স্বৰ্গদেৱে জদি বেটা বোলে বেটা লকৰ বোলে লকৰ। মই জেনেকৈ দুয়াষত বহো তেমত কৰিব। পাচে মহাৰাজা বুলিলে ভাল ময়ো বেটা বুলিলো; পুত্ৰ হলে পিতৃৰ বচন কৰিব লাগে। এই বুলি কমললোচন কটকিত কৰি ৰুপৰ জৰা সোনৰ মালিৰে তাৰ ভিতৰত উত্তম জল ঙ্গি পঠালে; মহাৰাজা বোলে পুত্ৰ হলে মাতৃৰ স্তন খাব লাগে; এই জামিবা পানিয়ে স্তন; আৰু উত্তম লোন চাউল দি পঠালে তাৰ দেশত জিহেতু লোম চাউল খালে কাম নকৰে হেন শুনিছো। সত্ৰাজিতলৈ আৰু, পাট কাপ, চিকন কাপ, জালুক, আগৰ কাঠ তাক প্ৰতি দিলে; তাৰ ঘষনি সকল লৈকে, আই কুৱবি নামে, আহম মেখলবে এজোৰ কাপ দিলে। মহাৰাজাক সাত সেৱা কৰি লোন চাউল খালে। পাছে মহাবাজ ছোইক দুৱাৰ দি পঠালে; লাঙ্গি ফুকনেৰে পৃতি হল। সাউদৰ তোলত হাট হল। কটকিৰৰ আয়াজাত হল। এইৰূপে পৃতি হুই আছে। আমাৰ মুলৈ গৈ ঢকাত বেহাই গৈ। তাত পাছে সত্ৰাজিতৰ সংসৰ দহেকিয়া পুতেকটিক, তাৰ মাককে মহাৰাজাক সেৱা কৰিবলৈ সঞ্জাতিৰ লগত পঠালে। পাছে পতিয়া গোহাঞিক তুলিব দিলে; োেহাই বোলে জিয়া পোয়য়ৰে কথা বাৰ্তা হবৰ উচিত নহয়। লও একো কথা নাজানে। এই দুইৰে মই কিকথা হুম, এই বুলি তুলিলে। পাছে মহাৰাজা এ বড় গোহাইক খং কৰি বুঢ়া গোহাঞিক তুলিব দিলে। বড় পাত্ৰকো তুলিব দিলে। দুই জনা গোহাঞে তুলিলে। পাছে মহা- জায়গা তুলি হাতি এটা, ঘোড় ঝপ দুই হাজাৰ (২০০০) দি বিদায় দিলে। পাছে মহাৰাজায়ে খঙাকৈ ভাগিলে; শক ১৫৯৯;১১ মাস। পাছে কতো দিন আহি চন্দ্ৰনাৰান পিড়াত অষি আছিল। দেৱ মাছ মাৰিবলৈ যাওতে দেৱতাৰ ভাই গোহাঞি চলাৰাৰণ। যো েদেশি খাপেকক বালি গালি পাৰিলে। চন্দ্ৰ নানে দুই তিৰি এড়ি কালিমুখৰ পৰা পলাই গল।