পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৵৹

হাতত লয় আৰু লিখকক তাৰ সম্পাদনৰ ভাৰ দিয়ে। সম্পাদকে কিতাপখনৰ অধ্যায় বিভাগ কৰি অধ্যায় বিলাকৰ আৰু সৰু পৰিচ্ছেদ বিলাকৰো নাম নিৰ্দ্দেশ কৰে। প্ৰথমতে সম্পাদকেই এই কিতাপৰ প্ৰুফ সংশোধন কৰে। প্ৰথম চাৰি অধ্যায় আৰু পঞ্চম অধ্যায়ৰো কিছুমানৰ বৰ্ণাশুদ্ধিৰ বাবে সম্পাদক নিজে দায়ী, কিন্তু কলিকতাৰ পৰা বাৰে বাৰে প্ৰুফ অনানিয়া কৰি শুদ্ধ কৰাত বহুত সময় লাগে বাবে বাকী ডোখৰৰ প্ৰুফ শুদ্ধৰ ভাৰ কলিকতাত থকা শ্ৰীমান অম্বিকানাথ বড়া এম. এ আৰু শ্ৰীমান বেণুধৰ শৰ্ম্মাক দিয়া হয়; তেওঁবিলাকে অনেক পৰিশ্ৰম কৰি কিতাপখনৰ সৰহ ভাগৰ প্ৰুফ সংশোধন কৰি দিয়া বাবে সমিতিয়ে তেওঁবিলাকৰ নথৈ শলাগ লৈছে। কিতাপ খনত অনেক বৰ্ণাশুদ্ধি দোষ থাকিলেও তেওঁবিলাকক তাৰ নিমিত্তে দোষ দিব নোৱাৰি, কিয়নো পুৰণি পুথিৰ বৰ্ণাশুদ্ধি ঠিককৈ কৰা বৰ টান কাম।

 এই কিতাপখন বহুত দিনৰ আগেয়েই ছাপাখানাত দিয়া হয় আৰু সেই অনুসাৰে অনেক দিনৰ আগেয়েই ই ছাপা হৈ ওলাব লাগিছিল। কামৰূপ অনুসন্ধান সমিতিৰ আগৰ সম্পাদক শ্ৰদ্ধেয় বন্ধু শ্ৰীযুত কালিচৰণ সেন ৰায়বাহাদুৰে কিতাপখন সোনকালে উলিয়াবৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰাতো ছাপাখানাৰ বেমেজালিত আৰু কাগজৰ অভাবত কিতাপখন ওলোৱাত অনেক পলম হল। শ্ৰীযুত মহীনাথ শৰ্ম্মা ব্যাকৰণতীৰ্থে ছাপাখানাৰ নিমিত্তে খচৰা তৈয়াৰ কৰি দিয়াৰ বাবে আৰু শ্ৰীমান শিশিৰকুমাৰ বৰুৱাই তাক মূল পুথিৰ লগত ৰিজাই শুদ্ধাশুদ্ধ চাই দিয়া বাবে বিশেষ ধন্যবাদৰ পাত্ৰ। ইয়াৰ আগেয়ে আৰু অসমীয়া ভাষাত কোনো বুৰঞ্জীৰ পুথি ছপা হোৱা নাছিল। কামৰূপ অনুসন্ধান সমিতিয়েই এই কামত প্ৰথমে বাট দেখুৱাইছে; সেই গুণে সকলো অসমীয়াই সমিতিৰ শলাগ লোৱা উচিত আৰু ছপা নোহোৱা আন আন বুৰঞ্জীবোৰো ক্ৰমশঃ প্ৰকাশ, কৰিবলৈ যত্ন কৰা উচিত। সম্পাদকে এই কিতাপখনৰ এখন ভূমিকাও