আহোমৰো তাৰ হাতি বৰুৱা পড়িল; বলিয়া হাতিয়ে খুচি মাৰিলে আৰু নোমল বড়া পড়িল; নাৱত পড়িল লাচাম সন্দিকৈ, চিৰিংভাং; পাছে মহাৰাজা সুনিলে সমস্তে বঙ্গাল কাটিলে হেন, গোহাঞি বোৰো পাৰ হুই আহিল হেন। তেবে এই কথাৰ অন্তৰে ৰজাৰ দদায়েক চাউলাই কোৱৰকো মাৰিলে। দুই নেওগকো কাটিলে; কৰিং চেটিয়া পলাইহে এড়াল। আখেক গোহাঞিকো ওভোটাই মোট কাঢ়িলে; তিনি জনা গোহাঞিকো খঙিলে।
তিনিজন গোহাঞে বোলে আমি বন বঢ়াই থলে কি হুব। হাতি পালে বাৰটা, ঘোড়া নৱসত আৰু যত কাণ্ড লাগি মৰিল আৰু বাজুবন্ধ ঘোৰা কাটিলে; তাৰ কোনে অন্ত পায়। বাচক নাও দুই শত আৰু বঙালৰ যতেক হিলৈ আছিল পালে, তৰোৱাল, বাৰু, যমদাৰ খগুয়া এই সকলৰ সিমা নাই; সনাহ পাচ অধিক
চাৰিকুৰি পালে; যি কিছু আহিলা পাতি লোহিতত পৰিল, তাক মাত্ৰ নাপালে। সক ১৫৩৭, মাস ৯, দিন ১৬, বাব ৩।
তেবে সেই বেলা হাবুং পিকচাই সহিতে আহোম গৈ কাজলিত থানা কৰি ৰহিল গৈ। সেইবেলা প্ৰভাকৰৰ পুত্ৰ মঙল ৰাজা হাবুং পিকচাইৰ ঠাইক আহি মহাজাত সনাপন্ন
ভিঘৰুৱা ৰঙ্কা
হলহি। মহাষজায়ো ঘটা, হেঙ্গদান কন্যা হস্তি
আদিৰ বল স্বীকাৰ।
বিদায় দিলে সেই কালব পৰাহে ডিময়া
মহাৰাজৰ হল। তেবেষে মহাৰাজা, বলি কোৱক, ধৰ্ম নাৰায়ন
নাম দি দৰত ৰাজা পাতিলে। আৰু চন্দ্ৰনাৰা, ৰুপনাৰান প্ৰমুঙ্গে
যত পৰিক্ষিত ৰাজাৰ কোৱৰ আছিল সবে আহি মহাৰাজাক
সেৱা কৰিলেহি। তেৰে মহাৰাজাৰ প্ৰসাদে গ্ৰাম ভুমি লৈ
খাজাক সেৱা কৰি থাকে; কততা দেশক জাই আৰুবাৰ আহে।
পনি কুলিয়া ডিম আদি কৰি যতেক বাজা আছে সবে
আসি মামু সহিতে মহাৰাজাক সেৱা কৰেহি লো, কোৰ, কাপোৰ,
কপাহ, আনো সভাৰ সকল লৈ। আস্মিন মাস, সৰু ১৫%
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৮
পুৰণি অসম-বুৰঞ্জী