পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিখকক নি মিষ্টাৰ গেইটৰ লগত চিনা পৰিচয় কৰি দিয়ে। মিষ্টাৰ গেইটে তেতিয়া এই পুথিখন নকল আৰু ইংৰাজীলৈ অনুবাদ কৰিবৰ নিমিত্তে লিখকক অনুৰোধ কৰে। লিখকে সেই অনুসাৰে পুথিখন নকল আৰু অনুবাদ কৰি মিষ্টাৰ গেইটক দিয়ে। মিষ্টাৰ গেইটে সেই কাজত সন্তুষ্ট হৈ চীফ কমিচনাৰ চাহাবক ধৰি লিখকক ১৮৯৪ চনৰ ডিসেম্বৰ মাহত চবডিপুটি কলেক্টৰ কামত ভৰ্ত্তি কৰি অসমৰ ঐতিহাসিক অনুসন্ধান কামত নিয়োগ কৰে।

 মিষ্টাৰ গেইটে তেওঁৰ History of Assam কিতাপ লিখাত এই পুথিৰ পৰা অনেক সহায় পায়। Report on the Progress of Historical Research in Assam কিতাপত তেওঁ এই পুথিৰ বিষয়ে তলত লিখা দৰে উল্লেখ কৰিছে।


 "An old Buranji was found by Babu Bhuban Ram Das of Gauhati in the possession of the Rani of the late Jubaraj Keshab Kanta Sinha of that town. It is written on Sanchi bark and the language is Assamese prose; it furnishes a more elaborate account of the reigns of the Dihingiya Raja Burha Raja and Chakradhwaj Sinha than is found in any Buranji which has yet come to light. The account of the reigns of other kings is meagre and the narrative ends with the reign of Gadadhar Sinha who ruled from 1681 to 1695 AD The account of the Mahammadan invasions given in this Buranji agrees generally with that contained in the Ahom Buranji from Khunlung and Khunlai which has already been noticed. It is proposed to notice this as well as the other historical writings relating to the Ahoms at greater length in a separate publication."


 কামৰূপ অনুসন্ধান সমিতিয়ে এই পুথিখন প্ৰকাশ কৰিবলৈ