সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 এই বুৰঞ্জীৰ মূল পুথিখন গুৱাহাটীৰ স্বৰ্গীয় ঘনকান্ত যুবৰাজৰ পত্নী, ৰাণী শ্ৰীশ্ৰীযুতা মাহেন্দ্ৰী দেবীৰ হাতত আছিল। পুথিখন অনেক কালৰ পৰা এই ৰজা ঘৰতে আছে। ১৮৯৪ ইংৰাজী চনত অসম প্ৰদেশৰ অস্থায়ী চীফ কমিশনাৰ স্যাৰ চাৰ্লস্‌ লায়েল চাহাব বাহাদুৰে প্ৰস্তাব কৰে যে অসম দেশত যিবোৰ হাতেৰে লিখা বুৰঞ্জী পুথি এতিয়াও নষ্ট নোহোৱাকৈ আছে, সেইবোৰক ধ্বংশৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ধাৰাবাহিক ৰূপে চেষ্টা কৰিব লাগে আৰু সেই উদ্দেশ্যে তেওঁ অলপ টকাও মঞ্জুৰ কৰে। সেই সময়ত মিষ্টাৰ (আজি কালিৰ স্যাৰ এড্‌ওৱাৰ্ড) গেইট অসম দেশৰ কৃষি আৰু ৰাজস্ব বিভাগৰ অধ্যক্ষ আছিল। স্যাৰ চাৰ্লস লায়েল যেনে বিদ্যোৎসাহী পণ্ডিত লোক আছিল, মিষ্টাৰ গেইটো তেনে বিদ্যোৎসাহী পণ্ডিত আছিল। স্যাৰ চাৰ্লস লায়েলৰ অনুৰোধত মিষ্টাৰ গেইটে ১৮৯৪ ইং চনত অসমত ঐতিহাসিক অনুসন্ধানৰ সূত্ৰ পাত কৰে। তেওঁৰ অনুসন্ধানৰ ফলত ৬ খন আহোম ভাষাত লিখা আৰু ১১ খন অসমীয়া ভাষাত লিখা বুৰঞ্জী পুথিৰ সম্ভেদ পোৱা যায়। এইখন পুথি সেই ১১ খন অসমীয়া ভাষাত লিখা পুথিৰ ভিতৰৰে এখন।

 এই পুথিখন জয় জয়তে স্বৰ্গীয় ভুবনৰাম দাস ৰায় বাহাদুৰে ৰজা ঘৰৰ পৰা নি মিষ্টাৰ গেইটৰ হাতত দিয়ে, মিষ্টাৰ গেইটে পুথিখন পাই বৰ আনন্দ প্ৰকাশ কৰে আৰু ৰায় বাহাদুৰক অনেক ধন্যবাদ দিয়ে আৰু তেওঁক এই পুথিখন নকল আৰু ইংৰাজিলৈ তৰ্জ্জমা কৰি দিব পৰা এজন শিক্ষিত অসমীয়া মানুহ ঠিক কৰি দিবলৈ কয়।

 সেই চনতে অৰ্থাৎ ১৮৯৪ চনত এই পাতনিৰ লিখকে কলিকতাত শিক্ষা শেষ কৰি অসমলৈ ঘূৰি আহিছিল। স্বৰ্গীয় ৰায় বাহাদুৰে এই