পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰিলেহি। গাভৰু ৰণত পড়িল। পাছে জা লালৈ আহিল, ১৩৯৩, মাস আড় ১৯ দিন। তাত পাছে তুকৰ ৰণত ৫ খান কেকোৰা দোলা পড়িল। গৰগঞা ৰাজা তিনিজনা গোহাঞি সহিতে ৩ বৎসৰ তাৰি ৰাৰেৰে মাৰ বান্ধি জুদ্ধ কৰি নোৱাৰিলে। তাত পাছে কঞ্চেঙ বড়পাত্ৰ শোহাঞি বৰত ভাগি আছিল। বাঙ্গা তিনিবাৰ মানুহ পঠাই মাতিলে, তেওঁ নাহিল। বাজ মাৰে মাতিলত হে আহিল। গগাহাঞিক বড়পাত্ৰ পাতিলে; মুক্ত সেনাপতি হৈল। গোহাঞি বোলে তিন বৎসৰ যুদ্ধ কৰি নোৱাৰিছে। লোকজন ‘ ডাঙ্গখিয়া অনেক পড়িল। যুদ্ধ কৰি আক নোৱাৰো। মিত্ৰ কৰি মাৰে। গগাহাঞি বোলে মই বৰিব খোজো, তুৰ্বক ৰাজা মিত্ৰভাৱে নিয়ে নেনিয়ে। তুৰ্বকে বোলে ভাল গোহাঞি আহোক। গোহাঞি বোলে ভাল ম»ি তেহে জাঞ। তুবকৰ লগত মই থাকিম। বড়বড়ুকৰ লগত মোৰ বড়াবড়ুক থাকিব। এই যদি সত্য নিবন্ধ হয় তেহে জাওঁ। তুবকে বোলে ভাল এই নিবন্ধ হক। পাছে ভাৰ বাড়িত সেল সুমুয়াই গলে। পাটি গাৰুৰ সান্ধিত দা সুমুআই ললে। মানিসা জাওতে ক্ষণিক তুবকক ধৰিম। তহতে বড়বড়কে বড়বড় কক ধৰিবি। এই নিবন্ধ কৰি গৈল। সেই বাতি কষ্ণে, গোহাঞি তুৰ্ববকেৰে কথা হই চল চাই আছিল। পাছে তুৰ্বক সেলেৰে খুচি মাৰিলে। তাৰ চোলা খাৰু আনিলে। বড়বড়ুৰকেও বড়াডুকক মাৰিলে। সেই তুকৰ যুদ্ধৰ পৰা হিলাই হল। আত পাছে ১৪৫৫, সেই সময়ত গড়গঞ। ৰজা, বড় গোয়,ি তনখাম, বুড়া শোহাঞি,ফুলুং খাম, কমতেশ্বৰৰ মিত্ৰৰ অৰ্থে একলাখ হেজাৰ ঠাঠেৰে নাৰতৰে গৈ কাপ ফল কৰিলে। কাপ দখল। তাতে বাড়ি গৈ কাতিয়া গঙ্গাত খাঞ্জ পলিলে। তাৰে পৰা গৌৰেলৈ তাং জাং চেটিয়া দুইক দূত পঠানে।