পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আবৰ দেখি নগাও ভয় হৈ কোঞৰি ১টা, হাতি ১টা দি মাতিলে। তাকে লৈ ইযোৰো উলটি আহিল। তাৰ ৫ বৎসৰ পাচত হাবু পানবাৰি ললেগৈ। তাৰ ২ বৎসৰৰ পাচত চুটিয়াৰ ধিৰনাৰানে, চেকাটায়েদি বাট কাটী গাহিল। নিখো মুখত বলহি। ৰজা এই কথা শুনি চাউচিখেন, বাউমুং বালু এই সকলক পাঞ্চিলে। নাৱে তৰে ধৰিলে গৈ। ইবোৰে ধৰিলত সি ৰব নোৱাৰি ভাগিল। আমাৰ ছুটীয়াৰ লগত ৰণ। ৰজাও হাবুঙ্গব পৰা দিহিঙ্গ মুখলৈ স্নাহিল। চুটিয়াৰ খঞ্জা বিৰনাৰানে এখেত মণ হাৰি দিহিঙ্গৰ গঢ়ত ধৰিলেহি। গঢ়ৰ পৰা ওলাই এওমুঙ্গে ৰণ ধৰিলেহি। পাচে চুটিয়া এওমুঙ্গক মাৰিলেহি। পাচে বড়বড়কক চেয়াটালৈ পাঞ্চিলে। তাৰ পাচত ৰজাও গল; ইবোৰেও চুটিয়াক খেদি নি দিহিঙ্গ মুখ ঠেকালেনি। আমাৰ মানুহে চুটিয়াৰ নাও এখান, গোৰ্ধ মানুহ এটি পায় চেয়াকটাতে ৰজাত যোগালেনি। বাজাও তাত বাৰ্তা সুধিলে বদলে চুটিয়া কত আছে, সি বোলে দিবুৰ মুখত আছে। হাউমুনচঙ্গকে কিলুঙ্গকে দিবোৰৰ মুখত গঢ় বান্ধি থাকিব দিলে; অঞ্জাও চেয়াটাৰ পৰা পৰ্বতলৈ আহিল। তৈতে দেওদুগ কৰি চেচামুখলৈ মাঘত গল। দিবোষো মুখত গঢ় বান্ধিবৰ দেখি চুটিয়া লাভপৰালৈ গল। তাৰে থাবাননাউ বুলি এটা বড়ুয়া কিছুমান ঠাটেৰে দিবোৰ মুখৰ গঢ়ত ৰণ ধৰিলেহি। পাচে চেচাৰ পৰা ৰজাও দিবোৰৰলৈ গল। থাউমুন চেঙ্গে কিলুঙ্গে নাৱে তৰে খেদি নি সদিয়ালৈকে নিলে। আলাগি চেটিয়াএ চুটিয়াৰ কঁজিতোক খেদি নিলে; ৰাও পাছে পাছে সদিয়ালৈ খেদি নিলে। পাছে চুটিয়া থামুন চুঙ্গেৰে, কিলুঙ্গৰে এখেলৈ কটকি পাচিলে; থাউমুনছুঙ্গলৈ দিলে, সোনাৰ হাৰ ২ গচ, পাটি ২ সন্ধিৰ প্ৰস্তাব। খান; কিলুঙ্গলৈ দিলে কঁড়িয়া এগ্লোষ, পাটি ২খান। বোলে আমাকখেদাকোড়া নকৰক; যৎসবি বসৰি কৰভাৰ দি শামি।