পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায়। নগা, ছুটীয়া আৰু কছাৰী ৰণ। পূৰ্বে নড়া ৰাজ্যৰ পৰা মুক্ৰাস্ফাএ বড়া বুড়ক সহিতে আলচ কৰি সেই ৰাজ্যৰ পৰা গুছি আহিল; সেই লগত অহা ভাঙ্গৰীয়া, চাখনলাক ১, মুং ১, কামু ১, চুকাফা। মুংঞ্জি ১, কাগুন ১, থাউমুংবানলু, ১, কেওখুন ১, খুন্তং ১, পাইক ৩০০০, দন্তাল হাধি, মাখন্দী ১ জনী, তাৰ মাউত ফংপিম, ঘোড়া ৩০০, বাটত লগ ধৰি অহা নলু তেয়ৰে ডাঙ্গৰীয়া নটা। পাচে নড়াৰে পৰা তিনি বৎসৰে পালেহি পুনাতি, তাৰ পৰা দুই বৎসৰে পালেহি হাতী ধৰা, তাৰে পৰা নৈ পাৰ হৈ দুবৎসৰে পালেহি বিবেন, তাৰে পৰা দুই বৎসৰে পালেহি চাখাই। তাৰ পৰা ১ বৎসৰে পালেহি মগলু, তাৰ পৰা বানাক, মুনক্ৰিং এই দুই ৰাজ্য মাৰিবলৈ পাঞ্চিলে। ডাঙ্গৰীয়া খুন্তং ১, কাথম ১, কাণ্ডন ১, থাউমুবানলু , কেওখুন.১ এই সকল সেই দুই ৰা মাৰি পুনৰাৰ মগলুতে ৰজাৰ লগ ধৰিলেহি। পচে তাৰ পৰা লংপেতলৈ আহিল। তাৰ পৰা লাখামলৈ আহিল। তাৰ পৰা মুপানলৈ আহিল। তাৰ পৰা কাকলৈ আহিল। তাৰ পৰা বড় দুৱাৰলৈ আহিল। তাৰ পৰা বিৰা পামলৈ আহিল। তাৰ পৰা নামতিলিকলৈ আহিল। তাৰ পৰা এ বৎসৰে খামজাঙ্গ পালেহি। তাৰ পৰা নগাক মাৰিবলৈ ভাঙ্গৰীয়াবোৰক পাঞ্চিলে। নগা ৰখ ১, খানলাহ ১, তিজাং ১, বিলাও ১, লেতমা ১, পাহুক ১, তাৰুক ১, এই সাতখান নগাৰ গা আপুনি বৰিল। সেই বৰা নগা হাতে ভাঙ্গৰীয়া বোৰে তপক, খুতে। তপলু, এই দুই খান গা নগাৰ মৰলে। এই বোৰ নাৰ অধিকাৰী কৰি খামড়াঙ্গ কাজ ভাঙ্গৰীয়া পাতিখৈ