পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসম-বুৰঞ্জী
১১
 

আহিল। পাচে নড়াও খেদি আহি বনকলা কেতুৰি বাটত কটা দেখিলে, একেবেগততকৈ কেঁও বাঢ়িছে। অধিক দিন হল নাপাওঁ হেন গনি উভটি গল। এতেকেহে সেই খানিক এতিয়াও নড়া ওভটা বোলে।

 প্ৰথমে নডাৰ পৰা এক বৎসৰে পালেহি পুনাতি, তাৰে পৰা বুঢ়াগোহাঞিক পাচিলে বোলে নদীনলা চলাচল গাঞঁ ভুঞঁ কোন পোনে যাবলৈ ভাল চা গৈ। এই বুলি তাৰ পৰা হাতীধৰা পালেগৈ। তাৰ পৰা নৈ পাৰ হৈ বিবেন পালেহি। তাৰ পৰা চাখাই পালেহি। তাৰপৰা মগলু পালেহি। তাতে একবৎসৰ থাকি নগাৰ বানকাক্‌ মুনহিং দুই গাঞঁ মাৰিবলৈ ডাঙ্গৰীয়া পাচিলে। খুন্ত্তকা-খ্ৰম কাণ্ডণ থাউমুন বাঙ্গলু, কেও্‌খুন এই সকল গৈ সেই গাঞমাৰি পুনৰ্ব্বাৰ মগলুতে ৺ৰ লগ ধৰিলেহি। তাৰ পৰা লংপেত- লৈ আহিল। বাটত লগ ধৰি অহা মানুহ লুতেয় অটা। তাৰ পৰা লাখাম মুনপাম পালেহি। এইৰূপে ঠাএ ঠাএ ৰৈ আহি দি- চাঙ্গত কাকবাহঁৰ ভুৰ বান্ধি পাৰ হৈ দিখৌ কোখত মৰাণ গাঞত বহি তাতে লগৰ মানুহে বোলে আমাৰ লগত দেবৰাজা আহিছে, তহঁতে ৰাজা মান নামান? সিহঁতে বোলে মানিব নোৱাৰোঁ। যদি মহৰ শিং একে বাএ কাটে, একে বলে সৌকা টানি উলিয়াব পাৰে, তেহে ৰজা মানিব পাৰো। পাচে সকলে যুগুতি হৈ মহশিং ওৰে ৰাতি পানি তপতাই সিজালে। সৌ- কাৰো জোৰা সোলোকাই থৈছিল। পুৱা সকলোকে চপাই শিঙ্গকো একে বাএ কাটিলে, সৌকাকো টানি আনিলে। পাচে সকলো প্ৰমান দেখি ৺মানি ললে। তাৰে দুই চাৰিএ যি নামানিছিল তাকো মদ ভাত খুৱাই বলিয়া কৰি ৺নমৰা বুলি সেই কেই ঘৰৰ মুৰ মানুহ কাটিলে।

 পাচে সকলো বশ হৈ ৺মানি ললে। সিহঁতৰ দুই টুপ লগোৱ বৰ আছিল, তাকো ৺কে দিলে। তাৰে পৰা দুই টুপ