পাচে খুন্লাই মৃত্যু হলত, তেঞে ৰজা হল। এঞোৰ ১০০ পুত্ত্ৰ জন্মিল। পাচে অনেকদিন ভোগ কৰি ১০ পুত্ত্ৰক ৰাজ্য বিভাগ কৰি দি বড় পুতেকক মধ্যত ৰাজা পাতি এঞো স্বৰ্গী হল। পাচে তিনি পিড়িৰ পাচত মুল ধাৰাৰে সন্ততি ত্যাওচাংনেও নামে ৰজাএ বোলে ই দেবতাৰ ৰাজ্য। প্ৰজা বৃদ্ধি নহবৰ দেখি উত্তৰ পশ্চিম মুংখামুংজা ৰাজ্যলৈ গল। শত্ৰুৰ পৰাভৱত ৰব নোৱাৰি তাৰ পৰা মৰাণৰ ৰাজ্যলৈ গল। তাৰো পৰা মৰাণে খেদিলে। পাচে নড়া ৰাজ্যলৈ আহিল। নড়াৰাজাৰ পুত্ত্ৰ নাইকোতে পুত্ৰৱতে ৰাখি জীয়েকক বিবাহ দিলে। তেঞোতে হন্তে চুকাফা জন্মিল। এক বৎসৰৰ পাচত নড়াৰাজাৰ পুত্ত্ৰ জন্মিল, চুক্ৰান্ফা নাম থলে।
পাচে চুকাফাৰ পিতৃ মাতৃ দুয়ও মৰিলত, বুঢ়ী মাকে তুলিলে। সামৰ্থ হলত, পাচে নড়াৰাজা মৰিলত, বুঢ়ী মাকে বোলে, বুপা নড়াৰাজা পুতেকক ৰাজা নাপাতি তোক পাতিব নি কি? আতে বা কোনে মাৰে কাটে? এই বুলি চোম্চেঙ্দেওক ভাতৰ টোপলাৰ সান্ধিত দিলে। হাতী দুটা মাখুন্দী, দন্তাল। তাৰে মাউত এটা ফংপিম নামে। ঘোড়া ২টা, ফৰ ৭ খন, বৰ্চ্চি ৫ গছ, আগে বাপেকৰ লগতে অহা বড় গোহাঞি পাঞ্চ হাতীমুৰিয়া বড়ুৱা চাখনলাক ১, লাম্মখৰু ১, কখ্ৰম ১, সুংজি ১, কাগুণ ১, খুন্ত ১, এই ৯টা আৰু নড়া ৰাজাকো অনুবৰ্ত্তী থকা ভাল মানুহ গোটা- চাৰেক, হেঙ্গদান চুকাফাৰ ২ ধান, তাৰ প্ৰভাৱ এখনি টোক- টোকালে মাচ, পহু চৰাই মাৰিব পাৰি, এখানি যি দিশলৈ দাঙ্গে সেই দেশৰ লোক বশৱৰ্ত্তী হয়। দুই গোহাঞিৰ ২ খান, পাচে হাতীমূৰিয়াৰ ৫ খান, ভাত ৰান্ধা তামৰ টেকেলি ৩০৬, তিনি কঠাকৈ চাউল সিজে একোটাত। এই প্ৰমাণে মানুহ ১০৮০ বুঝিব পাৰি। এই সকল সহিতে নড়াৰ পৰা গুছি