প্ৰজাবৰ্গৰ উন্নতি-অবনতিৰ, বা সমাজৰ কোনো ভিতৰুৱা কথাৰ একো উল্লেখ নাছিল; তাৰ উদাহৰণ, খৃঃ পূঃ ৭৮ শতিকাত লিখা বাইবেলৰ পূৰ্ব্বখণ্ডত থকা ৰজাঘৰীয়া কথাবিলাক আৰু চেমুৱেলৰ বিবৰণ; আৰু খৃষ্টীয় ৩ শতিকাত মেনিথো আদিয়ে লিখা বিবৰণ আৰু চীন আৰু জাপান দেশৰ পুৰণি বিবৰণবিলাক।
বুৰঞ্জীয়ে এই অৱস্থা পোৱাৰ পাচত ধাৰাবাহিকৰূপে ঘটনাবিলাক লেখি ৰখা দস্তুৰ প্ৰচলন হয়। ইউৰোপত গ্ৰীক বিলাকেই ইয়াৰ প্ৰথম উদাহৰণ দেখুৱাই। গ্ৰীক বিলাকৰ ভিতৰত প্ৰথমতে এই কাজ হিৰোদতচ আৰু থুচিদাইদিচে কৰে। হিৰোদতচ পৃথিবীত আজিলৈকে ইতিহাসৰ জন্মদাতা বুলি খ্যাত হৈ আছে। ৰোম দেশত গ্ৰীচৰ অনুকৰণ কৰি লুচিয়ান আদিয়ে ইতিহাস লিখিবলৈ আৰম্ভ কৰে।
ইউৰোপেই বৈজ্ঞানিক প্ৰণালীৰে ইতিহাস লিখাৰ পথপ্ৰদৰ্শক হলেও, ১৫ শতিকালৈকে ইউৰোপৰ সকলো জাতিৰ ভিতৰতে বুৰঞ্জী সাহিত্য নিচেই নিঃকিণ অৱস্থাৰ আছিল। তাত সত্যৰ প্ৰতি কোনো লক্ষ্য নাছিল; মাত্ৰ ক্ষমতাশালী মানুহৰ অযথা গুণানুবাদ আছিল। বৈজ্ঞানিক আৰু সমালোচনামূলক অনুসন্ধানৰ তাত কোনো সুংসূত্ৰই নাছিল। কিন্তু লাহে লাহে সি ভালৰ ফালে ঢাল লবলৈ ধৰিলে। ইউৰোপীয় সভ্যতাৰ যিটোক ৰিনেইচেঞ্চৰ (Renaissance) যুগ বোলে, সেই যুগত ইউৰোপত ইতিহাস সাহিত্যৰ অশেষ উন্নতি সাধিত হল। মধ্যযুগত (mediæval period) যি বোৰ জাল বুৰঞ্জীৰ সৃষ্টি হৈছিল, সেই বোৰ এই যুগতে লাহে লাহে ধৰা পৰিবলৈ ধৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ শ্ৰদ্ধা কমি আহিবলৈ ধৰিলে। ঐতিহাসিক সত্যতাৰ ওপৰত মানুহৰ আদৰ বাঢ়িবলৈ ধৰিলে আৰু তাৰ ফলত ইতিহাসৰ সৃষ্টিৰ পথ পৰিষ্কাৰ হৈ আহিল।
অৱশ্যে সেই সময়তে জাৰ্ম্মান দেশত ধৰ্ম্মৰ দুটা বেলেগ সম্প্ৰদায়ৰ ভিতৰত তুমুল বিবাদ লাগি উঠিছিল। এনেকুৱা দলাদলিৰ ফলত