পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰণি অসম-বুৰঞ্জী
১২৫
 

পালেগৈ; মিৰিয়ে আপনাৰ গাও সোমাল গৈ। ফুকনে খেদি সদিয়াৰ জখৰিয়া চাপৰিত ধানাদি বহিল গৈ। সেই বেলা মহাৰাজা ৰূপ সন্দিকৈকে বিহ গোহাঞিকে সদিয়াৰ পৰা আনি হাতিসালত বন্দিকৈ থলে। মিৰি সন্দিকৈৰ বঙ্গহ দিহিঙ্গিয়া ফুকনৰ পুতেকক সদিয়াৰ বড় গোহাঞি পাতি পথালে।

 তাত পাছে ৰুপসন্দিকৈৰ বিহু গোহাঞিৰ কথা চাৰিঙ্গিয়া ফুকনক সুধিব দিলে পাছে সোধ পোছ কৰিলত। বিহু গোহাঞে মিৰিক ফেটাই ৰূপ সন্দিকৈ মৰাব খুজিলে হেন কথা লগালে। মহাৰাজেও সেই কথাতে বিহু গোহাঞিক চেপি মাৰিব দিলে। ৰাজা হাটত। সক ১৬০৭, কাতি মাস। পাছে মিৰিব বিকৰ গাঞঁ ১, বৈহৰ গাঞঁ ১, লেলাপতি গাঞঁ ১, বড় পাতি দিন্ধা গাঞঁ ১, চায়ং বামুনৰ গাঞঁ ১, পাঙ্গৰ গাঞঁ ১, নাই দিয়াঙ্গ নাকৰ গাঞঁ ১, লাহঙ্গ গাঞঁ ১, এই সকল মাৰিলে গৈ।

 পাছে সকলে মিৰি ভাগি পলাল। তাৰ ঘৰ ভণ্ডাৰ পৰিলে। মেঠম গাড়ি, খুতাৰ বিস্তৰ পালে। পাছে ফুকনে হাবিৰ পৰা সদিয়ালৈ শাদিয়া গড। ওলাই, সেই কথা মহাৰাজালৈ জনালে। জায়গা দিহিং সীমা কৰি দুয়লিয়া মানুহ লেখা জোখা কৰি, গঢ় বান্ধিব দিলে। ফুকনেও সদিয়াল গোহাঞি সৈতে মুলগোৱাল মানুহেৰে সদিয়াত গঢ় বান্ধি মিৰিৰ গাঞ্চত অনুৰূপে কাটল নিবন্ধ কৰি, ১৬০৯ সকৰ মাৰ ১২ দিন যাওতে শুক্ৰবাৰে নাও বৈছা ফুকনে হাজৰিকিয়া বোৰ সহিতে বিয়েলি মেলত ৰজা সেৱা কৰিলেহি। মিৰিৰ ভেটি মেঠন, ঝকা, জাবৰাং, কৰ, ধনু, এই সকল ভেটিলে। আৰু ধনি আনা মিৰি কিছুমান জোগালে। তাক ৰাজা এ কেতোটিমান কাটি কেন্দু গুৰি সিংহ দুৱাৰ ফাটৰ দুৱাৰত মুণ্ড মালা বান্ধি থব দিলে; কতো বোৰক বড় বড়ুকক বাটি দিলে; ১৬০৯।

 নমো গণেশায়। চুঙ্গিৰ যুদ্ধৰ কথা। নৰিয়া ৰজা দেৱৰ দিনত চুঙ্গিক মাৰিবলৈ ডাঙ্গৰিয়া পাচিলে। দিহিঙ্গিয়া বড় গোহাঞি